মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা জনপ্ৰতিনিধি হৈ এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য প্ৰদান কৰি সংবিধানক উলংঘা কৰিছে৷ ৰাজহুৱা অনুষ্ঠানত মাইকৰ সন্মুখত মিঞা বুলি কৈ এটা জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা এইগৰাকী অশোক সিংহলেৰ বিৰুদ্ধে আজি অসম বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধীয়ে আনিলে ভৰ্ৎসনা প্ৰস্তাৱ৷ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী অশএাক সিংহলৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ উত্থাপন কৰে৷ বিধানসভাত উপাধ্যক্ষ প্ৰস্তাৱক লৈ জনাই যে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ আনিছে বিৰোধী দলপতিয়ে৷ আমি প্ৰস্তাৱৰ প্ৰতিলিপি প্ৰেৰণ কৰিছো অশোক সিংহললৈ৷ সেই সময়ত শাসক পক্ষৰ তৰফৰ পৰা অশোক সিংহলক বচাবলৈ প্ৰয়াস কৰা দেখা যায়৷ শাসক পক্ষৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় উচ্চতম ন্যায়ালয়ে কৈছে যে মিঞা, পাকিস্তানী বুলি কোৱাটো অসাংবিধানিক নহয়৷ তেতিয়া উপাধ্যক্ষই শ্বেৰমান আলী আহমেদক প্ৰশ্ন কৰি কয় যে আপুনি মিঞা শব্দটো সদনত কোৱাটো সমৰ্থন কৰে নে৷ তেতিয়া অখিল গগৈয়ে আসনৰ পৰা থিয় হৈ উপাধ্যক্ষক উদ্দেশ্যে কয় যে আপুনি বিষয়টোৰ কমিউনিৱেল ব্যাখা নিদিব৷ আপুনি মাজে মাজে বাহিৰতো তেনে ব্যাখ্যা দি থাকে৷ মন্ত্ৰী বিমল বৰাই সদনৰ বাহিৰত সাংবাদিকক কয় যে এইটো ভুল বুজাবুজি হৈছে৷ আপোনালোকে মুখামুখিকৈ বহি আলোচনা কৰিলে বিষয়টো সমাধান হ’ব বুলি কয়৷ বিমল বৰাই কথাৰ পাকত তেনে কথা ক’ব পাৰে বুলি উল্লেক কৰি কয় যে যদি তেওঁ তেনে কথা কোৱা নাই তেন্তে তেওঁ দুখ পাব৷

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ডিজিপিক পত্ৰ মেঘালয়ৰ সামাজিক সংস্থাৰ

    মেঘালয়ৰ এটা সামাজিক সংগঠনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হাইনিৱট্ৰেপ ইণ্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন (এইচআইটিঅ’) নামৰ সংগঠনটোৱে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ইদাশিশা নংৰাঙক অসমৰ মুখ্যমন্ত্ৰীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ