
আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়,
“বডোলেণ্ড আজি দেশত এটা নতুন ৰূপ আৰু পৰিচয় লাভ কৰিছে। ইয়াৰ যুৱপ্ৰজন্মৰ শক্তি আৰু আত্মবিশ্বাস ফুটবলৰ মাটিত স্পষ্টভাৱে প্ৰকাশ পাইছে। CEM কাপ মাথোঁ এখন খেল প্ৰতিযোগিতা নহয়, এইটো শান্তি, সম্প্ৰীতি আৰু সমাজ গঠনৰে এক শক্তিশালী মাধ্যম।”
CEM কাপত ৩৭০০তকৈ অধিক দল আৰু প্ৰায় ৭০,০০০ খেলুৱৈৰ অংশগ্ৰহণ, তাৰ ভিতৰত বৃহৎ সংখ্যক কন্যা খেলুৱৈৰ সক্ৰিয় উপস্থিতি, বডোলেণ্ডৰ সমাজ-মনোবলত হোৱা এক ঐতিহাসিক পৰিৱর্তনৰ প্ৰতীক হিচাপে গণ্য কৰে মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে হলিচৰণ নাৰ্জাৰী, দুৰ্গা বৰুৱা, অপূৰ্ব নাৰ্জাৰী, আৰু মানবীৰ বসুমতাৰীৰ নাম উল্লেখ কৰি কয়,
“এইসকল খেলুৱৈ কেৱল খেলুৱৈ নহয়, এওঁলোক হৈছে বডোলেণ্ডৰ নতুন পৰিচয়, যিসকল দেশৰ ৰাষ্ট্ৰীয় মঞ্চত অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছে।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ প্ৰশংসাক অভিনন্দন জনাই কয়,
“বডোলেণ্ড চিইএম কাপ কল্পনাতো সম্ভৱ নাছিল। আজি সেই প্ৰতিযোগিতা হৈছে শান্তি আৰু সম্ভাৱনাৰ প্ৰতীক। এইটোৱে প্ৰমাণ কৰে যে সঠিক নেতৃত্বে যুৱপ্ৰজন্মৰ শক্তিক সৃষ্টিশীলতা আৰু বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰি, সন্ত্রাসৰ বাবে নহয়।”
তেওঁ লগতে কয় যে,
“বিগত ৫ বছৰত বডোলেণ্ড যিদৰে এক বিদ্ৰোহৰ অঞ্চলৰ পৰাই শান্তি আৰু উন্নয়নৰ কেন্দ্ৰস্থলীত পৰিণত হৈছে, সেইটো প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ-পূৱৰ প্ৰতি থকা দৃঢ় প্ৰতিশ্ৰুতিৰ অন্যতম উৎকৃষ্ট উদাহৰণ।”
বডোলেণ্ড FC-ৰ জাতীয় প্ৰতিযোগিতা যেনে দুৰাণ্ড কাপে অংশগ্ৰহণ, ভিলেজ কাউন্সিল পৰ্যায়ৰ পৰা পৰিষদীয় পৰ্যায়লৈ CEM কাপৰ বিস্তৃতি, আৰু অঞ্চলটোৰ ফুটবল একাডেমীৰ উন্নয়নে BTR-ৰ ক্ৰীড়াক্ষেত্ৰৰ এক নতুন যুগৰ সূচনা কৰিছে।