মমতা বেনাৰ্জী ক্ষমতাত থাকিলে, শীঘ্ৰে বাংলাদেশ হৈ পৰিব পশ্চিম বংগঃ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকৰ সৈতে সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী তথা বেগুচৰাইৰ সাংসদ গিৰিৰাজ সিঙে বংগৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মমতাৰ পদত্যাগ দাবী কৰিছে।

বিজেপিৰ ফায়াৰব্ৰেণ্ড নেতা হিচাপে পৰিচিত গিৰিৰাজ সিঙে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্দৰ্ভত কয়, “এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। বংগৰ আইন-শৃংখলা পৰিস্থিতি বৰ্তমান সময়ত অতি শোচনীয়। মমতা বেনাৰ্জীৰ শাসনত ৰাজ্যখনৰ আইন শৃংখলাৰ অৱনতি ঘটিছে। যদি তেওঁ এয়া চম্ভালিব নোৱাৰে, তেন্তে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। যদি মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা আঁতৰোৱা নহয়, তেন্তে বংগ এদিন বাংলাদেশ হৈ পৰিব।’’

ইফালে মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে মৌলালীৰ পৰা কলকাতাৰ ডৰিনা চাৰিআলিলৈ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে মমতা বেনাৰ্জীয়ে। ভুক্তভোগীৰ পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰা হ’ব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে