মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিংক খাৰ্গেয়ে অসমক অপমান কৰাৰ অভিযোগ

অসম আৰু গুজৰাটত স্থাপন হোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধ কৰি শলঠেকত পৰিছে কংগ্ৰেছৰ নেতা৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিংক খাৰ্গেয়ে এটা টুইট কৰি টাটাৰ ছেমি কণ্ডাক্টৰ আটাইবোৰ প্ৰকল্প বিজেপি শাসিত ৰাজ্যত স্থাপন হোৱাত তীব্ৰ বিৰোধ কৰি এক্সত এটা পোষ্ট কৰিছিল৷ তাৰ পাছতে অসমক অপমান কৰাৰ অভিযোগ আনি সৰৱ হৈছে বিজেপিৰ নেতাসকল৷ অসম বিজেপিৰ কেইবাজনো নেতাই মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিংক খাৰ্গেৰ মন্তব্যৰ বিৰোধ কৰি গৰহিণা দিছে৷ প্ৰিংক খাৰ্গেয়ে কৈছিল যে পাঁচটা ছেমিকন নিৰ্মাণ গোটৰ চাৰিটা গুজৰাটত আৰু এটা অসমত নিৰ্মাণ কৰা হৈছে৷ তাত দক্ষতাৰ পৰিৱেশ নাই। তাত গৱেষণাৰ পৰিৱেশ নাই। উদ্ভাৱনৰ পৰিৱেশ ব্যৱস্থা নাই৷ যেতিয়া চিপ ডিজাইনিং প্ৰতিভাৰ ৭০ শতাং কৰ্ণাটকত৷ মই বুজি নাপাওঁ কিয় চৰকাৰে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি আন এখন ৰাজ্যলৈ ঠেলি দিব বিচাৰে। সেয়া অনুচিত। মন্ত্ৰী অশোক সিংঘলে খাৰ্গেৰ এই মন্তব্যৰ বিৰোধ কৰি কয় যে অসমবাসী আৰু অসমৰ প্ৰতি কংগ্ৰেছৰ এনে তীব্ৰ ঘৃণা আৰু ঈৰ্ষা কিয়? জৱাহৰলাল নেহৰুৰ সময়ৰ পৰাই কংগ্ৰেছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সতীয়া মাতৃৰ অৱহেলাৰ নীতি গ্ৰহণ কৰি আহিছে। আৰু এতিয়া শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত অসম বিকাশ আৰু উন্নয়নৰ পথত আগুৱাই গৈ থকাৰ বিষয় বা সত্যটো কংগ্ৰেছে মানি ল’বলৈ অপাৰগ হৈ অসমৰ জনসাধাৰণৰ দক্ষতা আৰু সম্ভাৱনাক অৱমাননা কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছ নেতাৰ মন্তব্যক গৰিহণা দি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কংগ্ৰেছে অসমবাসীক অপমান কৰা বুলি কয়৷ কংগ্ৰেছ দল, কংগ্ৰেছী নেতাক ধিক্কাৰ দি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ