
হাতত বন্দুক লৈ গুৱাহাটীৰ মাজমজিয়াত প্ৰত্যক্ষ হোৱা এগৰাকী ৰহস্যময়ী যুৱতীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
সোমবাৰে খ্ৰীষ্টানবস্তিৰ পৰা উলুবাৰী অভিমুখী পথত এখন বাইকৰ পিছত চিটত বহি থকা অৱস্থাত প্ৰত্যক্ষ হৈছিল যুৱতীগৰাকী।
ক’লা পোছাক আৰু ৰঙা হেলমেট পৰিহিতা যুৱতীগৰাকীৰ হাতত আছিল এটা AK-47 ৰাইফল।
সামাজিক মাধ্যমত যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে খ্ৰীষ্টানবস্তি শ্ৰীনগৰ অঞ্চলৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰি যুৱতীগৰাকীৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী।
অৱশ্যে যুৱতীগৰাকীয়ে হাতত লৈ থকা বন্দুকটো আচল নে পুতলা বন্দুক সেয়া এতিয়াও নিশ্চিত নহয়।