মহানগৰীৰ সাতগাঁৱৰ পৰা সন্ধানহীন ছাত্ৰ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ পৰা সন্ধানহীন এজন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নুনমাটি আৰক্ষী। কামাখ্যা ৰেল ষ্টেচনৰ ওচৰত বঁটল বুটলি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজন৷ ছাত্ৰ জনৰ নাম প্ৰকাশ দাস বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰে পাথৰকুৱাৰীস্থিত বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা সময়তে ছাত্ৰজন নিৰ্দেশ হৈছিল। পৰিয়ালৰ লোকে অপহৰণৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। বিষয়টোক গুৰুত্বসহকাৰে লৈ নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিভিন্ন স্থানত অভিযান চলাইছিল। অৱশেষত, মহানগৰীৰ কামাখ্যা ৰেল ষ্টেচনৰ ওচৰত ছাত্ৰজনক উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ছাত্ৰজনেও স্বীকাৰ কৰে যে, পঢ়া-শুনাত মন নথকাৰ বাবে ঘৰৰ পৰা পলাই আহিছিল। আত্মীয়ৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা আছিল যদিও, ধনৰ বাবে কামাখ্যাৰ ওচৰত দিনকটাই কাম কৰি আছিল তেওঁ। পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰি আৰক্ষীয়ে ছাত্ৰজনক তেওঁলোকৰ জিম্মালৈ দিয়ে। ঘটনাটোৱে সামাজিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰসকলৰ উপযুক্ত সহায় আৰু পৰামৰ্শৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ