মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ৰৈ থকা জাহাজত খুন্দা

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ সংঘটিত হৈছে ফেৰী দুৰ্ঘটনা৷ মা কামাখ্যা নামৰ ফেৰীখনে শিশু, মহিলাসহ শতাধিক যাত্ৰী আৰু বহু সংখ্যক দুচকীয়া বাহন কঢ়িয়াই নি থকাৰ সময়তে ৰাখি থোৱা জাহাজত তীব্ৰ গতিত খুন্দা মাৰে৷ নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ লাগে৷ কিন্তু কোনো যাত্ৰী ফেৰীৰ পৰা সৰি নপৰাত জীৱন ৰক্ষা পৰে৷ জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১২ বাজি ৪৫ মিনিটত নিমাতীঘাটৰ পৰা মাজুলী অভিমুখে গৈ আছিল ফেৰী মা কামাখ্যা৷ ফেৰীখনে ৰৈ থকা এখন জাহাজত প্ৰচণ্ড জোৰত খুন্দা মাৰে। প্রচণ্ড খুন্দাত ফেৰীৰ ওপৰতে বাগৰি পৰিল দুচকীয়া বাহনসমূহ। ফলত ভিতৰত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। কোনো যাত্ৰী হতাহত হোৱা নাই৷ অন্য এখন ফেৰীৰে উদ্ধাৰ কৰে যাত্ৰীসকলক।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক