মানাহ ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ বন্যহস্তীক গুলীয়াই হত্যা

ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ পালেংচি বিটৰ পৰা কিছু নিলগত তিনিটাকৈ বন্যহস্তীক গুলীয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে৷ এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰকৃতি প্ৰেমীসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে৷ যিখন চৰকাৰ বনভূমি ৰক্ষা কৰাৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা বুলি দাবী কৰি আহিছে সেইখন চৰকাৰৰ দিনতে তিনিটাকৈ বনৰীয়া বধ কৰা ঘটনাক সহজে ল’ব পৰা নাই প্ৰকৃতি প্ৰেমীয়ে৷ জানিব পৰা মতে, আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ঘন জংঘলত তিনিটাকৈ মৃত হাতীৰ শৰীৰ উদ্ধাৰ হয়৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলত তিনিটা হাতী বধ কৰি চোৰাং চিকাৰীয়ে পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ কিয়নো হাতী কেইটাৰ শৰীৰত আঘাতৰ বৃহৎ চিন স্পষ্ট বুলি দাবী কৰিছে এটা সূত্ৰই৷ এই ঘটনা চোৰাং চিকাৰীয়ে সংঘটিত কৰাৰ সন্দেহ কৰিছে যদিও এতিয়ালৈকে কোনধৰণৰ তথ্য পাবলৈ সক্ষম হোৱা নাই বন বিভাগ। ঘটনা পোহৰলৈ অহাৰ পিছতে বন বিভাগৰ বৃহৎ দলে অভিযান আৰম্ভ হৈছে৷ ইতিমধ্যে পাণবাৰী বন বিভাগৰ বৃহৎ দ’ল ঘটনাস্থলিত উপস্থিত হৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা দেখা গৈছে। পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰীয়ে তিনিটা হাতী নিধন কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ