

এসমৰ মানুহে মদ খোৱাৰ অভ্যাস এৰিবলৈ বাধ্য হৈছে৷ মদ্যপান নকৰিলে সন্ধিয়াটো পাৰ নোহোৱা লোকে মদ্যপান কৰিবলৈ এৰিছে৷ এই কথা চৰকাৰৰ আবকাৰী বিভাগে জাৰি কৰা তথ্যতে বাৰে বাৰে ওলাই পৰিছে৷ চৰকাৰে দাম কমাই দিয়াৰ পাছতো মদৰ প্ৰতি আসক্তি হ্ৰাস কৰিবলৈ বাধ্য হৈছে৷ পূৰ্বে পূজা, বিহু আদিৰ সময়ত মদৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছিল৷ সংবাদমাধ্যমে বাতৰি কৰিবলগীয়া হৈছিল৷ কিন্তু আজি সেই দিন নাই৷ মানুহে মদ কিনি খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ১৭ ছেপ্টেম্বৰত গ’ল বিশ্ব কৰ্মা পূজা৷ কিন্তু বিশ্ব কৰ্মা পূজাত পূৰ্বৰ দৰে মদৰ বিক্ৰী নাই৷ বিশ্ব কৰ্মা পূজাত মাথো ৫ কোটি ৭ লাখ টকাৰ মদ বিক্ৰী হৈছে৷ দেখাত ৫ কোটি যদিও পূৰ্বৰ তুলনাত বিক্ৰী যথেষ্ট কম৷ যোৱাবাৰ বিশ্বকৰ্মা পূজাত ৬ কোটি ২০ লাখ টকাৰ মদ বিক্ৰী হৈছিল সমগ্ৰ অসমত৷ এইবাৰ বিক্ৰী বৃদ্ধি হ’ব লাগিছিল যদিও হ্ৰাসহে হৈছে৷ ইয়াৰ কেবাটাও কাৰক হ’ব পাৰে৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে৷ সমানে উপাৰ্জন কৰি অহাত মানুহৰ হাতত টকা নথকাত ইচ্ছা কৰিলেও মানুহে মদৰ ধন ব্যয় কৰিব নোৱাৰা হৈছে৷ কিয়নো ঔষধ, সন্তানৰ পঢ়াৰ খৰছ, পৰিবহন যাত্ৰাৰ খৰছ আদি বৃদ্ধি পোৱাত মানুহে চিন্তাত দিন কটাবলগীয়া হৈছে৷