মালায়ালম অভিনেতা ছিদ্দিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ! জামিনবিহীন ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ

ডিজিটেল ডেস্কঃ সহকৰ্মী মহিলা অভিনেত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে মালায়ালম অভিনেতা ছিদ্দিকৰ বিৰুদ্ধে। অভিনেত্ৰীগৰাকীৰ এজাহাৰৰ পিছতে অভিনতাজনৰ বিৰুদ্ধে জামিনবিহীন অপৰাধত গোচৰ ৰুজু কৰিছে কেৰালাৰ ত্ৰিবেন্দ্ৰম মিউজিয়াম আৰক্ষীয়ে।

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া মালয়ালম চলচ্চিত্ৰ জগতত যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল (এছ আই টি)ত অভিনেতা ছিদ্দিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

অভিনেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি ২০১৬ চনত তেওঁৰ ওপৰত ছিদ্দিকে চলাইছিল শাৰীৰিক নিৰ্যাতন। এখন ছবিৰ বিষয়ে আলোচনা কৰাৰ অচিলাৰে অভিনেত্ৰীগৰাকীক ছিদ্দিকে মেস্কট হোটেলৰ কোঠালৈ মাতি নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে অভিনেত্ৰীগৰাকীয়ে।

ইফালে, ছিদ্দিকে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত এজাহাৰ দাখিল কৰি দাবী কৰে যে এই অভিযোগ তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ এক অপচেষ্টা বুলি প্ৰত্যাভিযোগ কৰে। নিজকে নিৰ্দোষী বুলি দাবী কৰি অভিনেতাগৰাকীয়ে কয় যে ২০১৬ চনত তেওঁ অভিনেত্ৰীগৰাকীক এবাৰ লগ পাইছিল যদিও সেই সময়ত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃও লগত উপস্থিত আছিল। তাৰ পিছত অভিনেত্ৰীগৰাকীক পুনৰবাৰ লগ নোপোৱা বুলি দাবী কৰে ছিদ্দিকে।

প্ৰণিধানযোগ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতে ছিদ্দিকে এছ’চিয়েশ্যন অৱ মালয়ালম মুভি আৰ্টিষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিছিল।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…