
উজনি অসমত মিঞাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনিমূলক পোষ্টাৰ প্ৰচাৰ কৰাৰ অভিযোগত আটক কৰা হৈছে টাই আহোম যুৱ ছাত্ৰ পৰিষদ চমুকৈ টাইপাৰ দুই সদস্যক।
মঙলবাৰে চৰাইদেউ আৰক্ষীয়ে আটক কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক পাৰ্থ ৰাজকোঁৱৰক।
জানিব পৰা মতে, সোণাৰিৰ দৈনিক বজাৰত সংগঠনটোৰ কেইজনমান সদস্যই মিঞা বিৰোধী বিতৰ্কিত পোষ্টাৰ লগাই থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে দুয়োজন কেন্দ্ৰীয় নেতাক।
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, উজনি অসমৰ পৰা মিঞা মুছলমানক বহিষ্কাৰৰ আহ্বান জনাই প্ৰচাৰ কৰা এই পোষ্টাৰে সমাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকাতে দুয়োজন নেতাক আটক কৰা হয়।