‘মিয়া অ’ মিয়া…’! প্ৰতিবাদী বেনাৰ প্ৰিণ্ট কৰা প্ৰেছ ঘেৰাও কৰি প্ৰতিবাদত বাধা আৰক্ষীৰ, অভিযোগ অখিল গগৈৰ

গুৱাহাটীঃ অসুস্থ অখিল গগৈ বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আজি তেওঁ অলপমান সুস্থ হৈ উঠিছিল। সেয়ে বিধানসভালৈ যোৱাৰ যো-জা চলাইছিল শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বিধানসভা চৌহদত প্ৰতিবাদ জনাবলৈ এখন বেনাৰ বনাবলৈ দিছিল গগৈয়ে। কিন্তু অখিল গগৈয়ে বেনাৰ বনাবলৈ দিয়া প্ৰেছটোক ঘেৰাই কৰি ৰখাৰ লগতে তেওঁক জি এম চি এইচৰ পৰা ওলাবলৈ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে।

শুকুৰবাৰে পুৱা এটা পোষ্ট কৰি অখিল গগৈয়ে লিখিছে, ‘‘অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো। এখন বেনাৰ বনাইছিলো বৰ্তমান পৰিস্থিতিক লৈ। পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জিএমচিৰ পৰা ওলাবলৈ অনুমতি নিদিলে!’’

অখিল গগৈৰ এই গুৰুতৰ অভিযোগক লৈ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। আনহাতে ইয়াৰ কিছু সময় পিছত ছ’চিয়েল মিডিয়াত দুখন কাৰ্টুল সংলগ্ন কৰি আন এটা পোষ্ট দিয়ে অখিল গগৈয়ে। এজন মিঞা মুছলমানৰ কান্ধত উঠি থকা কপালত তিলক লগোৱা এজন হিন্দু নেতা (হিমন্ত বিশ্ব শৰ্মা)ৰ এই কাৰ্টুনখনত লিখা আছিল- ‘মিয়া অ’ মিয়া, ২৬ৰ বৈতৰণী পাৰ কৰি দিয়া’।

এই পোষ্টটোৰ কেপচনত অখিল গগৈয়ে তেওঁৰ লগতে ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ অভিযোগ কৰি কাৰ্টুন দুখন প্ৰিণ্ট কৰা প্ৰেছটোত আৰক্ষীয়ে অভিযান চলোৱাৰ কথাও উল্লেখ কৰে।

ইফালে, জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে অখিল গগৈয়ে পোষ্টত ব্যৱহাৰ কৰা কাৰ্টুন তেওঁৰ পৰা নকল কৰাৰ অভিযোগ উত্থাপন কৰে। কাৰ্টুনিষ্টগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্ট কৰি লিখিছে, ‘‘এই কাৰ্টুনখনৰ বিষয়বস্তু যোৱা ২৮ আগষ্টত প্ৰকাশিত আমাৰ সংশ্লিষ্ট কাৰ্টুনখনৰ পৰা নকল কৰা হৈছে। অখিল গগৈৰ দৰে এজন দায়বদ্ধ ৰাজনীতিকে এনে দুষ্কাৰ্যৰ পোষকতা কৰাটো অতি নিন্দনীয় আৰু আমাৰ শিল্পকৰ্মৰ প্ৰতি চূড়ান্ত অপমান।’’

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে