মুক্তিৰ পূৰ্বেই বিতৰ্কত ‘ইমাৰ্জেন্সী’! কংগনা ৰানাৱটলৈ আইনী জাননী শিখ সংগঠনৰ

ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰানাৱটৰ নতুন ছবি ‘ইমাৰ্জেন্সী’। ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিছতে শিখ সম্প্ৰদায়ক ছবিখনৰ জৰিয়তে সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী সজোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, মঙলবাৰে কংগনা ৰানাৱট আৰু ‘ইমাৰ্জেন্সী’ৰ নিৰ্মাতালৈ আইনী জাননী জাৰি কৰিছে পঞ্জাৱৰ শিৰোমণি গুৰুদ্বাৰা প্ৰৱন্ধক কমিটীয়ে।

শিৰোমণি কমিটীৰ আইনী উপদেষ্টা অমনবীৰ সিং ছিয়ালিয়ে প্ৰেৰণ কৰা জাননীত কংগনা ৰানাৱতকে ধৰি ছবিখনৰ প্ৰযোজকসকলক ৰাজহুৱা আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰ আঁতৰাই শিখ সম্প্ৰদায়ৰ ওচৰত লিখিতভাৱে ক্ষমা বিচাৰিবলৈ কোৱা হৈছে।

শিৰোমণি কমিটীৰ সম্পাদক প্ৰতাপ সিঙে কয় যে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ চেন্সৰ ব’ৰ্ডৰ অধ্যক্ষ প্ৰসুন যোশীলৈ কেইবাবাৰো পত্ৰ লিখি এই ছবিখন বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছিল।

শিৰোমণি কমিটীৰ অধ্যক্ষ অধিবক্তা হৰজিন্দৰ সিং ধামীৰ নিৰ্দেশ অনুসৰি কংগনা ৰানাৱতকে ধৰি এই ছবিখনৰ প্ৰযোজকলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে।

ধামীয়ে কয় যে ইমাৰ্জেন্সী ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত বহু শিখ বিৰোধী দৃশ্য পোহৰলৈ আহিছে, যিয়ে শিখ সম্প্ৰদায়ৰ আৱেগক গভীৰভাৱে আঘাত কৰিছে। শিখসকলক সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী হিচাপে দেখুৱাবলৈ ছবিখনত এক প্ৰয়াস কৰা হৈছে, যিটো গ্ৰহণযোগ্য নহয়।

প্ৰতাপ সিঙে কয় যে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত শিখ সমাজত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে, যাৰ প্ৰতি লক্ষ্য ৰাখি শিৰোমণি কমিটীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

তেওঁ কয় যে যদি আপত্তিজনক শিখ বিৰোধী দৃশ্য কংগনা ৰানাৱট আৰু ছবি নিৰ্মাতাসকলে ছবিখনৰ পৰা কৰ্তন নকৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে সকলো স্তৰতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

  • Related Posts

    ৯৫ দিনৰ অপেক্ষাৰ অন্তত সাক্ষাৎ হ’ল কিং খানৰ…

    এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি অপেক্ষা কৰিব পাৰে ? সেয়া কল্পনা কৰিব পৰা সকলে অনুভৱ কৰিব পাৰিব ! তাতে যদি ব্যক্তিগৰাকী জনপ্ৰিয়তাৰ শীৰ্ষত…

    কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

    ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন? ৰাষ্ট্ৰীয় সংবাদমাধ্যমত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…