মুখমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সৰৱ CPI, সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ

গুৱাহাটীঃ সংবাদ মাধ্যমেৰে বাৰ্তালাপৰ সময়ত এগৰাকী মুছলমান সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰশ্নক সাম্প্ৰদায়িক ৰূপ দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে চিপিআই (এম)ৰ অসম ৰাজ্যিক সমিতিয়ে।

উল্লেখ্য যে, ২১ আগষ্টত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলতে অবাধ পাহাৰ খনন চলি থকা সন্দৰ্ভত শ্বাহ আলম নামৰ সাংবাদিক এজনে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰীজনে সঠিক উত্তৰ দিব নোৱাৰি বিব্রত হৈ পৰে আৰু সাংবাদিকজনৰ নামটোকলৈ অতি নীচ সাম্প্ৰদায়িক মন্তব্যৰে তেওঁৰ উৎকট মুছলমান বিদ্বেষ ৰাজহুৱাকৈ প্ৰকাশ কৰে।

মান্দাকাটা অঞ্চলৰ অবৈধ পাহাৰ খনন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই অযথা গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু ইউএছটিএমৰ প্ৰসংগ টানি আনে। এইদৰে মুখ্যমন্ত্ৰীজনে চৰকাৰৰ ব্যৰ্থতা ঢাকি ৰখা তথা মূল সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই অনাৰ বাবে সকলো ঘটনা সম্পৰ্কত সাম্প্ৰদায়িক ব্যাখ্যা দাঙি ধৰি ৰাইজক বিভ্ৰান্ত কৰাৰ কৌশল অৱলম্বন কৰে। সাংবাদিক শ্বাহ আলম মুছলমান সম্প্ৰদায়ৰ হোৱা বাবেই মুখ্যমন্ত্ৰী খঙত টিঙিৰি তুলা হৈ পৰে আৰু সেই অজুহাতত সম্প্ৰদায়টোৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে।

চি পি আই (এম)ৰ ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰীৰ এনে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ এনে আচৰণ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। ৰাজ্যত ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ লগতে নাগৰিক সমাজ তথা সাংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ হকে আগুৱাই আহিবলৈ দলটোৱে ৰাজ্যৰ গণতন্ত্ৰপ্ৰেমী জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে