মুখ্যমন্ত্রী ড০ শৰ্মাৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ সফল সামৰণি, ১০০ কোটি টকাৰ পথ আন্তঃগাঁথনি প্ৰকল্পৰ ৰূপায়ণ

কার্বি আংলঙৰ সৰ্বোতপ্ৰকাৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নী কার্যপন্থা ইতিমধ্যে সম্পন্ন কৰিছে আৰু আগলৈও বহু পদক্ষেপ হাতত ল’ব। অসমক দেশৰ অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত কার্বি আংলঙে অনন্য ভূমিকা গ্ৰহণ কৰিব। এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে কাৰ্বি আংলঙত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে প্রথমটো দিনতে ১০০ কোটি টকাতকৈও অধিক প্ৰকল্প ব্যয়েৰে সুচল যাতায়াত আৰু সংযোগ ব্যৱস্থাৰ বাবে পথ আন্তঃগাঁথনি প্রকল্প ৰাইজলৈ উছৰ্গা কৰে। বৃহস্পতিবাৰে এক সমৃদ্ধ সমাজ গঢ়ি তোলাত সহায় কৰিবলৈ হিংসাৰ বাট ত্যাগ কৰা কাৰ্বি আংলঙৰ বিভিন্ন সশস্ত্ৰ গোটৰ প্ৰাক্তন কেডাৰসকলক সাক্ষাৎ কৰে। কাৰ্বি আংলং ভ্ৰমণৰ কালিৰ প্ৰথম দিনটোত কাৰ্বি ভূমিৰ উন্নয়নী যাত্ৰাৰ চিনস্বৰূপে ১০০ কোটি টকাৰ ব্যয়সাপেক্ষ পথ আন্তঃগাঁথনি প্ৰকল্প উছৰ্গা কৰাৰ লগতে লগতে প্ৰথম কাৰ্বি ৰজা-ৰাণীৰ প্রতিমূৰ্তি উন্মোচন কৰে৷ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ্য জনোৱাৰ লগতে কাৰ্বি ভূমিৰ জনসাধাৰণ তথা কাৰ্যকৰ্তাসকলকো সাক্ষাৎ কৰে৷

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কাৰ্বি আংলং অঞ্চল আৰু ইয়াৰ দুখন জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙে অসমৰ উন্নয়নৰ যাত্ৰাত যথেষ্ট গুৰুত্ব বহন কৰি আহিছে। অতীতৰ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা বহু বছৰৰ অৱহেলাৰ পাছত আমাৰ চৰকাৰে অঞ্চলটোত উন্নয়নমূলক কার্যসূচী দ্রুতগতিত আগবঢ়াই নিছে যাতে ই অসমৰ আন অংশৰ সৈতে উন্নয়নৰ সমতা স্থাপন কৰিব পাৰে। মুখ্যমন্ত্রীয়ে জ্যেষ্ঠ বিষয়া আৰু কাৰ্বি নেতৃত্বৰ সৈতে অঞ্চলটোত চলিত বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচীৰ পৰ্যালোচনা আৰু অঞ্চলটোৰ বাবে আমাৰ ভৱিষ্যতৰ দৃষ্টিভংগী ৰূপায়ণৰ বাবে এক ৰূপৰেখা নির্ধাৰণ কৰিবলৈ এক বৈঠকত মিলিত হয়। এক বন্যপ্রাণী সংমণ্ডলৰ পুনর্গঠন আৰু সৃষ্টি, দুয়ো জিলাত খনিজ অন্বেষণৰ সম্ভাৱনা, ভূমি সংস্কাৰ- দীৰ্ঘদিন ধৰি স্থগিত থকা ভূমি বিবাদ সমাধান কৰি ভূমি হস্তান্তৰ প্ৰক্ৰিয়াসমুহ সৰল কৰাৰ ওপৰত এক বিশেষ গুৰুত্ব প্রদান, ২০১১ আৰু ২০২১ বৰ্ষৰ নিষ্পত্তি চুক্তি ৰূপায়ণ আৰু প্ৰাক্তন কেডাৰসকলৰ কল্যাণ নিশ্চিত কৰা, লোক নির্মাণ, স্বাস্থ্য, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী আদিৰ দৰে বিভিন্ন বিভাগৰ দ্বাৰা আন্তঃগাঁথনি বিকাশ আদিয়ে বৈঠকত বিশেষ স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে বৈঠকৰ অন্তত নাগৰিকসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ সমস্যাবোৰ বুজ লয়। তেওঁলোকে কার্বি ভাষাৰ বিকাশ, শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ, আন্তঃগাঁথনি বিকাশৰ সৈতে সম্পর্কিত গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত দৃষ্টিগোচৰ কৰে।

মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সমস্যা বা দাবীসমূহ কাৰ্বি আংলঙৰ বাবে চৰকাৰৰ বিদ্যমান দৃষ্টিভংগীৰ সৈতে সংগতিপূর্ণ আৰু এইসমূহ নিষ্পত্তি বা সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয়— পর্যালোচনা বৈঠক আৰু জনসাধাৰণৰ সৈতে কথোপকথনৰ পাছত দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পদক্ষেপৰ সৈতে সম্পর্কিত অসম চৰকাৰৰ প্ৰচেষ্টাই অঞ্চলটোত বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব, মানুহৰ আশা-আকাংক্ষা পূৰণ কৰিব, আনহাতে তেওঁলোকৰ সুন্দৰ সংস্কৃতি আৰু প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্বিসকলে আজি পালন কৰা জনজাতীয় পৰম্পৰা সমৃদ্ধ বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে আমাৰ দেশৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ আদিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক সমৃদ্ধ কৰি ৰাখিছে৷ বাহ্যিক প্ৰভাৱৰ পৰা এই ৰীতি-নীতি, ধর্মীয় লোকাচাৰ, সংস্কৃতি ৰক্ষা কৰাটো আমাৰ প্ৰতিজনৰে দায়িত্ব। বিশেষকৈ এই শিপাসমূহ ধৰি ৰখা তথা প্ৰচাৰ-প্ৰসাৰৰ অৰ্থে আমাৰ যুৱ সমাজ আগবাঢ়ি আহিব লাগিব। আমাৰ বৰ্ণিল সমাজ তেতিয়াহে সম্ভ্রান্ত হৈ থাকিব আৰু ভৱিষ্যৎ সুৰক্ষিত হৈ থাকিব, যেতিয়া আমাৰ যুৱক-যুৱতীসকলে নিজৰ প্ৰকৃত ঐতিহ্য আৰু ইতিহাসৰ প্ৰতি সচেতন হ’ব। তেওঁ পুনৰ কয়— ভাষা, সাজ-পোছাক, ধর্ম, সংস্কৃতি আৰু খাদ্যাভ্যাসে ৫০০০ বছৰ পুৰণি কাৰ্বি জাতিটোক প্ৰাণৱন্ত কৰি ৰাখিছে আৰু চন্দ্ৰ-সূর্য থকালৈকে জীয়াই ৰাখিব৷ আমাৰ সংস্কৃতি, ভাষা আদিক জীয়াই ৰখাৰ দায়িত্ব কেৱল আমাৰ নিজৰ৷

  • Related Posts

    পৱন হাজৰিকা কাণ্ড, অনা অসমীয়া লবীৰ বিৰুদ্ধে সৰৱ আছু — ন্যায় বিচাৰিছে হুংকাৰ 

    গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ এজন খিলঞ্জীয়া যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে এই কাণ্ডক “অসমীয়াৰ ওপৰত অনা-অসমীয়া লবীৰ ষড়যন্ত্ৰ” বুলি…

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ