মুখ্যমন্ত্রী শৰ্মাইহে ব্রিটিছৰ লিগেচী কঢ়িয়াই ফুৰিছেঃ গোহাঁই

কালি গুৱাহাটী প্ৰেছ ক্লাবত নতুন সাহিত্য পৰিষদে এখন সংবাদমেল সম্বোধন কৰে৷ ৫, ৬ আৰু ৭ এপ্ৰিলত শিল্পগ্ৰামত অনুষ্ঠিত হ’ব। আগন্তুক দ্বিবাৰ্ষিক ৰাজ্যিক সন্মিলনত ড০ হীৰেন গোহাঁই, দেবেন তামুলী, অজিত কুমাৰ ভূঞা, আব্দুল মান্নান আৰু কবি নিলিম কুমাৰৰ দৰে বিশিষ্ট ব্যক্তি উপস্থিতি থাকিব। অধিৱেশনৰ সময়ত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব। সাংবাদমেলত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাই এপেক্স বেংক কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হয়৷ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে এপেক্স বেংক কেলেংকাৰী চৰজমিন তদন্ত কৰিবলৈ চাৰি সাংবাদিকক নিৰ্বাচিত কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই বিষয়ে মোৰ ক’বলৈ একো নাই৷ অভিযোগ থকা কাৰোবাক কেনেকৈ এখন সমিতি গঠনৰ দায়িত্ব অৰ্পণ কৰিব পাৰে? এইটো অত্যন্ত সন্দেহজনক। যদি উচ্চ ন্যায়ালয়ে বিষয়টোৰ তদন্ত সমিতি গঠন কৰে তেন্তে ই সম্পূৰ্ণৰূপে এক বেলেগ বিষয় হ’ব। পাণবজাৰৰ মহাফেজখানা ধ্বংস কৰাৰ সপক্ষে মুখ্যমন্ত্ৰীয়ে এদিন পূৰ্বে মন্তব্য দি কৈছিল যে আমি ব্ৰিটিছে নিৰ্মাণ কৰা সম্পত্তিৰ প্ৰতি লোভ কৰবাত কৰবাত এৰিব লাগিব৷ ব্ৰিটিছটো পৰাধীনতাৰ প্ৰতীক হয়৷ ব্ৰিটিছে নিৰ্মাণ কৰা বস্তুবিলাকত আমি বেছি চকু দিব নালাগে৷ ৰংঘৰ-কাৰেংঘৰ অসমৰ সম্পত্তি৷ ডিচি-ডিএফঅ’ৰ বাংলো এইবোৰ গোলামীৰ প্ৰতীক৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক উভতি ধৰি গোহাঁয়ে কয় যে ব্ৰিটিছৰ লিগেচী তেওঁলোকেই লৈ ফুৰিছে৷ ব্ৰিটিছ যুগত আইনৰ নামত স্বেচ্ছাচাৰিতা চলিছিল৷ এতিয়াও সেই লিগেচী চলাই থকা হৈছে৷ গোহাঁয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয় যে ব্ৰিটিছৰ বহু অৱশিষ্ট আছে৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সকলোবোৰ নিৰ্বিচাৰে ধ্বংস কৰা দেখা গৈছে। বৰ্ধিত নিবনুৱা, খাদ্য নিৰাপত্তাহীনতা বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ কথা উল্লেখ কৰি ড০ গোহাঁইয়ে সমাজত বৰ্ধিত সংকটৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰে দুৰ্নীতিৰ বিৰোধিতা কৰাৰ লগতে একে সময়তে দুৰ্নীতিক লালন-পালন কৰিছে। প্ৰতিদিনে হিংসা আৰু হত্যাৰ ঘটনা বৃদ্ধি পাইছে৷ জনসাধাৰণৰ মাজত সামাজিক সম্প্ৰীতিৰ অৱনতি ঘটিছে। পুঁজিবাদী শ্ৰেণীয়ে বহু লাভালাভ লৈছে৷ সংবাদ মাধ্যম এতিয়া পুঁজিপতি আৰু চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণত৷ বাক স্বাধীনতা নোহোৱা হৈছে৷ আনহাতে আৰক্ষীক অত্যাধিক ক্ষমতা প্ৰদান কৰা হৈছে। বামপন্থীসকলে দীৰ্ঘদিন ধৰি এনে বিকল্পৰ বিষয়ে চিন্তা কৰি আহিছে আৰু মানুহে ক্ৰমান্বয়ে পৰিৱৰ্তন বিচাৰিছে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ