
অখিল গগৈয়ে জৰুৰী সাক্ষাৎ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সাক্ষাৎ বিচাৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শেহতীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই সাক্ষাৎ লাভ কৰিলে মুখ্যমন্ত্ৰীৰ হাতত অখিল গগৈয়ে তেওঁৰ নেতৃত্বত গঢ় লৈ উঠা কাজিৰঙা অর্কিড পার্কৰ চাবি আৰু ফাইল অর্পণ কৰিব ৷ লগতে মুখ্যমন্ত্ৰী তথা তেওঁৰ পৰিয়ালৰ সম্পত্তি ৰাজহুৱা কৰাৰ বিষয়টো আলোচনা কৰিব বিচাৰিছে অখিল গগৈয়ে ।
গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰুৰী সাক্ষাৎ কৰি কাজিৰঙা অৰ্কিড পাৰ্কৰ চাবি আৰু সকলো নথি অৰ্পণ কৰিব বিচাৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কাজিৰঙা অৰ্কিড পাৰ্ক সমবায় সমিতিৰ অধ্যক্ষৰ দায়িত্বতো থকা অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ চাবি মুখ্যমন্ত্ৰীক অৰ্পণ কৰি মুখ্যমন্ত্ৰীয়ে দুদিন পূৰ্বে কোৱাৰ দৰে তেওঁৰ পত্নীৰ সম্পত্তি ৰাইজৰ নামত লিখি দিয়া সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছে গগৈয়ে। এই সন্দৰ্ভত এখন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে অখিল গগৈয়ে।
উল্লেখ্য যে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে তেওঁৰ পত্নীৰ যিমান সম্পত্তি আছে, সেয়া সকলো এদিন অসমৰ জনতাৰ হ’ব। এই কথা প্ৰসংগতে অখিল গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল হিমন্ত বিশ্ব শৰ্মাই। এনে প্ৰসংগতে অৰ্কিড পাৰ্কৰ চাবি ৰাইজৰ বাবে গতাই দি হিমন্ত বিশ্ব শৰ্মাইও নিজৰ প্ৰতিশ্ৰুতি অনুসৰি পত্নীৰ সম্পত্তি ৰাইজৰ নামত লিখি দিয়ক বুলি দাবী কৰে বিধায়কগৰাকীয়ে।
যোৱা ১৪ আগষ্টত তেওঁ মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত লিখিছে, “১৪ আগষ্ট, ২০২৪ তাৰিখে অসমৰ মুখ্যমন্ত্রী হিচাপে আপুনি অসমৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছিল যে আপুনি যেনেদৰে আপোনাৰ পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক দি দিব, সেইদৰে অখিল গগৈয়েও কাজিৰঙা অর্কিড পার্ক ৰাইজক দিবনে নাই সেইটো ৰাজহুৱা কৰিব লাগে। আপোনাৰ এই দাতা কর্ণ স্বৰূপটোৰ পৰা আমি শিকিব লাগে বুলিও আপুনি ৰাজহুৱাকৈ ব্যক্ত কৰিছে। ১৩ আগষ্ট, ২০২৪ তাৰিখে আপোনাৰ ফেচবুকৰ জৰিয়তেও আপুনি মোক এই একেটা প্রত্যাহ্বান জনাইছিল। অর্কিড পাৰ্কখন কেতিয়া ৰাজহুৱা কৰা হ’ব আপুনি প্রশ্ন কৰিছিল। ইয়াৰ আগতেও আন বহু দিন আপুনি অর্কিড পার্ক সম্পর্কে বিতর্কিত বক্তব্য আগবঢ়াই আহিছিল। সেয়েহে এই পত্রখন লিখিলো।”
কাজিৰঙা অৰ্কিড পাৰ্কখন যে এক সমবায় ভিত্তিক ৰাজহুৱা সম্পদ এই কথা তথ্যসহ মুখ্যমন্ত্ৰীক পত্ৰযোগে অৱগত কৰে অখিল গগৈয়ে৷ পত্ৰত তেওঁ আগলৈ লিখিছে, “ যোৱা ১৮ ডিচেম্বৰ, ২০১৫ চনত কাজিৰঙা অর্কিড পার্কক অসম চৰকাৰৰ সমবায় বিভাগৰ পঞ্জীয়কৰ কার্যালয়ত ৰাজ্যিক ভিত্তিৰ সমবায় সমিতিৰূপে পঞ্জীয়ন কৰা হৈছিল। অসম সমবায় সমিতি অধিনিয়ম, ২০১৭ ৰ ১০ আৰু ১১ নম্বৰ দফা অনুসৰি ‘‘কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান সমবায় সমিতি লিমিটেড’’ খন ১০,০০০ টকাৰ পঞ্জীয়ন মাচুল দি ১৮ ডিচেম্বৰ, ২০১৫ তাৰিখে পঞ্জীয়ন কৰা হৈছিল। এই সমবায় সমিতিখনৰ পঞ্জীয়ন নম্বৰ হ’ল- Assam/04 of 2015-16। আপোনাৰ যদিহে সমবায় সমিতি সম্পর্কে সামান্যতমো জ্ঞান আছে তেনেহ’লে নিশ্চয় বুজিছে যে কাজিৰঙা অর্কিড পার্ক ২০১৫ চনৰ ১৮ ডিচেম্বৰতেই অসমৰ এটা ৰাজহুৱা সম্পত্তিত পৰিণত হ’ল।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানি বুজি বা নাজানি অৰ্কিড পাৰ্ক আৰু অখিল গগৈৰ বদনাম কৰিবলৈ চেষ্টা কৰি অহাৰ অভিযোগ কৰে গগৈয়ে। কাজিৰঙা অর্কিড পাৰ্কখন অখিল গগৈৰ ব্যক্তিগত সম্পত্তি বুলি অপপ্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই নিজৰ বৈধ-অবৈধ সম্পত্তি নায্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে তেওঁ। পত্ৰযোগে মুখ্যমন্ত্ৰীক দুটা প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে।
১) ১৫ আগষ্ট অথবা তাৰ পৰৱৰ্তী যিকোনো এটা দিনত মুখ্যমন্ত্রী কার্যালয়ত অখিল গগৈ আৰু কাজিৰঙা অর্কিড পার্কৰ পৰিচালনা সমিতিক সাক্ষাতৰ আহ্বান। সেই সাক্ষাতৰ সময়তে মুখ্যমন্ত্ৰীৰ হাতত কাজিৰঙা অর্কিড পার্কৰ চাবি আৰু কাজিৰঙা অর্কিড পার্কৰ ফাইল-পত্রসমূহ চমজাই দিব তেওঁলোকে৷ যাতে অসম চৰকাৰে কাজিৰঙা অর্কিড পার্ক পৰিচালনা কৰিব পাৰে। সাক্ষাৎ দিয়াৰ ৬ ঘণ্টাৰ পূর্বে অৱগত কৰিবলৈ অখিলৰ মুখ্যমন্ত্ৰীক আহ্বান যাতে তেওঁলোকে কাজিৰঙা অর্কিড পার্কৰ পৰা চাবি আৰু ফাইলসমূহ গুৱাহাটীলৈ আনিব পাৰে৷
২) অখিল গগৈৰ অধ্যক্ষতাত থকা কাজিৰঙা অর্কিড পার্কৰ চাবি যেনেকৈ অখিল গগৈ আৰু কাজিৰঙা অর্কিড পার্কৰ পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ মুৰব্বী হিচাপে ৬ ঘণ্টাৰ ভিতৰত চমজাই দিব, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও সেই একেটা দিনাই অসমবাসী ৰাইজৰ নামত উচৰ্গা কৰি দিবলৈ অখিল গগৈৰ পত্ৰযোগে আহ্বান। যদিহে মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎ দিয়ে সাক্ষাৎকাৰৰ সময়তে অসম চৰকাৰৰ মুখ্য সচিবকো সেই বৈঠকলৈ নিমন্ত্রণ কৰিবলৈ অখিল গগৈৰ আহ্বান, যাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ সকলো মালিকীস্বত্ব অসম চৰকাৰৰ মুখ্য সচিবৰ হাতত অসমবাসী ৰাইজৰ বাবে অর্পণ কৰিব পাৰে।