‘মুখ্যমন্ত্ৰীয়ে আঁঠু কঢ়াটো বিচাৰিলে, ময়ো আঁঠু কাঢ়িলোহেঁতেন’! শিৱসাগৰ প্ৰসংগত আৰু ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীঃ শিৱসাগৰত এগৰাকী খিলঞ্জীয়া যুৱতীক বহিৰাগত বণিয়াৰ দলৰ আক্ৰমণ আৰু তাৰ পিছতে সৰৱ হৈ পৰা ৰাইজৰ সন্মুখত মাৰোৱাৰী সমাজৰ নতশিৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিৱসাগৰৰ ঘটনা কোনো সম্প্ৰদায়ৰ বাবে প্ৰতিষ্ঠাৰ যুঁজ নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনোৱে তেওঁক আঁঠু কাঢ়িবলৈ ক’লেহেঁতেন, তেন্তে তেওঁৱো আঁঠু ল’বলৈ সাজু আছে।

ডিব্ৰুগড় মেডিকেল কলেজৰ ছাত্ৰী ডা০ সৰিতা তছনিৱালৰ হত্যাৰ প্ৰসগ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে শিৱসাগৰত যেতিয়া সৰিতাৰ হত্যাকাণ্ড সংঘটিত হৈছিল, তেতিয়া এইবোৰ দল-সংগঠনেই মাৰোৱাৰী সমাজখনৰ কাষত থিয় দিছিল। আজি যিটো ঘটনা সংঘটিত হৈছে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাটো স্বাভাৱিক। এই ক্ষোভে অসমীয়া আৰু মাৰোৱাৰী সমাজৰ মাজৰ সমন্বয়ৰ সাকোডাল ভাঙি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে। ৰাইজে সুন্দৰভাৱে বুজাবুজি কৰি সমস্যাটো সমাধান কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয়, ”মই ভাবো ইয়াক আমি মান আৰু সন্মানৰ প্ৰশ্ন হিচাপে ল’ব নালাগে। যিহেতু ইয়াত এজনী ছোৱালীৰ কথা জড়িত হৈ আছে। যদি ছোৱালীৰ কথা জড়িত নহ’লহেঁতেন, চান্দা-বৰঙণিৰ কথা থাকিলহেঁতেন, তেতিয়াহ’লে আমি তাত সজোৰে মাত মাতিলোহেঁতেন। কিন্তু চান্দা-বৰঙণিৰ কাৰণে এই ঘটনা হোৱা নাই, ছোৱালী এজনীৰ কাৰণে হৈছে।’’

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ”শিৱসাগৰৰ অসমীয়া সমাজখনে মাৰোৱাৰী সমাজৰ ছোৱালী এজনীৰ যেতিয়া দুৰ্ঘটনা হৈছিল, তেওঁলোকৰ লগতো থিয় দিছিল। এইটো প্ৰতিষ্ঠাৰ যুদ্ধ নহয়, ছোৱালী এজনীৰ প্ৰতি অন্যায়ৰ বিৰুদ্ধে হোৱা ক্ষোভক আমি প্ৰশমন কৰাৰ চেষ্টা কৰিছো। যদি এই বিষয়ত আঁঠু কাঢ়িছে, আঁঠু কাৰ ওচৰত কাঢ়িছে, ৰাইজৰ ওচৰত কাঢ়িছে, ৰাইজতকৈতো ডাঙৰ কোনো নাই। মই মাৰোৱাৰী সমাজকো আহ্বান জনাম, আপোনালোকেও ইয়াক প্ৰতিষ্ঠাৰ বিষয় হিচাপে নল’ব। কাৰণ সৰিতা তছনিৱালৰ লগত যেতিয়া ঘটনা হৈছিল শিৱসাগৰৰ একেবোৰ দল-সংগঠন তেওঁলোকৰ লগতো থিয় দিছিল। যোৱাকালিৰ পৰা দল-সংগঠনবোৰে কৈছে যে আজিৰ পৰা আমাৰ মাজত একো নাই, আমি যেনেকে আছিলো তেনেকুৱাই থাকিম। এইক্ষেত্ৰত ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে। ছোৱালী এজনী অসমীয়া হওক, মাৰোৱাৰী হওক, হিন্দু হওক, মুছলমান হওক, যেতিয়া ছোৱালী এজনীৰ সন্মানৰ কথা আহে তেতিয়া আমি মনত একো ভাৱ ৰাখিব নালাগে। যদি কোনোবাই ক’লেহেঁতেন মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়ি দিয়ক, তেন্তে ময়ো আঁঠু কাঢ়িলোহেঁতেন। ছোৱালীৰ সন্মানতকৈ আমি কোনো ডাঙৰ নহয়। গতিকে সকলো বিষয়ত ৰাজনীতি নহয়, আমি এখন বিশাল হৃদয়েৰে ঘটনাটো পাহৰি যাব লাগে।’’

আনহাতে যোৱা দুমাহত ২২ গৰাকী অসমীয়া, জনজাতীয় ছোৱালীৰ ওপৰত বিভিন্ন ধৰণে নিৰ্যাতন চলোৱাৰ চেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী ছোৱালী ওপৰত সংঘটিত ঘটনাক লৈ শিৱসাগৰ ৰাইজে কৰা প্ৰতিবাদৰ বাবে ৰাইজ ধন্যবাদৰ পাত্ৰ। বাকী অঞ্চলৰ ৰাইজেও য’তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয়, তেনকে গৰজি উঠিব লাগে। শিৱসাগৰৰ ৰাইজৰ পৰা নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মোৰ ভূমিক লৈ কোনো আপত্তি নাই। যিমান বিনিয়োগ আহিব বাহিৰৰ পৰাইতো আহিব। যদি কোৱা হয় যে বাহিৰৰ পৰা অহা মানুহে ইয়াতে মাটি কিনিব নোৱাৰিব, কোনোবাই কৈ দিব অসমীয়া মানুহেও বাহিৰত যাব নোৱাৰিব। অসমৰ লাখ লাখ ল’ৰা বাহিৰত আছে। আমাৰ মানুহখিনিয়ে এটা কথা বুজি পাব লাগিব যে অসমত মাৰোৱাৰী মানুহ যিমান আছে বা বিহাৰী মানুহ যিমান আছে, তাতকৈ ২০-৩০ গুণ বেছি অসমীয়া ল’ৰা বাহিৰত আছে। মাৰোৱাৰী মানুহে যদি অসমত ইণ্ডাষ্ট্ৰী নকৰে, যদি বাহিৰৰ পৰা বিনিয়োগ নাহে, অসমত ইণ্ডাষ্ট্ৰী কোনে কৰিব? ইণ্ডাষ্ট্ৰী নকৰিলে নিয়োগ কেনেকৈ হ’ব?’’

ড০ শৰ্মাই কয়, আবেগৰ কথাটো বেলেগ, বিবেকেৰে ভৱাটো বেলেগ। বিবেকেৰে ভাবি যদি কিবা সিদ্ধান্ত হয় তাত মোৰ আপত্তি নাই। কিন্তু অনা অসমীয়া মানুহখিনিক টাৰ্গেট কৰি লৈ আমি কি কৰিব পাৰো। আমিটো কোনেও দাবী কৰা নাই যে মিঞাই মাটি কিনা বন্ধ কৰিব লাগে। আমি মাৰোৱাৰী-বিহাৰীখিনিক কিয় টাৰ্গেট কৰিব লাগে, মিঞাখিনিৰ কথাওটো ক’ব লাগে যে মিঞাই মাটি কিনা বন্ধ কৰক। সেইটোতো আমি কোনেও নকওঁ। গতিকে শিৱসাগৰৰ যিটো ঘটনা, ঘটনাটো বেলেগ, শিৱসাগৰৰ ৰাইজক ধন্যবাদ জনাইছো। কিন্তু ছোৱালী নিৰ্যাতনৰ ঘটনাটো বঢ়াই অসমীয়া-অনা অসমীয়ালৈ লৈ যাব নালাগে। আমি পাহৰি যাব নালাগে যে অসমীয়া সমাজখনক জ্যোতিপ্ৰসাদ আগৰৱালাই সন্মান দি থৈ গৈছে। অসমৰ আটাইতকৈ বেছি কলেজ আৰু স্কুলত আটাইতকৈ যদি বেছি মাটি দান কৰিছে সেয়া মাৰোৱাৰী সমাজে। গতিকে শিৱসাগৰত হোৱা ভুল এটাৰ বাবে গোটেই সমাজখনক জগৰীয়া কৰিব, সেইটো হ’ব নোৱাৰে।’’

ইফালে, গৌৰৱ সোমানিনীক নিৰাপত্তাৰক্ষী দিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আলফা স্বাধীনে মেইল দিছে কাৰণে তেওঁক নিৰাপত্তাৰক্ষী দিছো। গৌৰৱ সোমানিক আলফাই যদি মাৰি পেলালেহেঁতেন কোনে দায়িত্ব ল’লেহেঁতেন। মাৰিম বুলি ক’লে চৰকাৰে নিৰাপত্তাৰক্ষী নিদিব নেকি? যাকে আলফাই ভাবুকি দিব তেওঁক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। মোৰ সাংবিধানিক দায়িত্বখিনিটো পালন কৰিব লাগিব।’’

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে