মুখ্যমন্ত্ৰীৰ কামত সকলো বিজেপি সন্তুষ্ট নহয়, বিজেপিত বিসম্বাদ হৈছেঃ দেৱব্ৰত

কেবিনেটত মন্ত্ৰীৰ মোবাইল নিষিদ্ধ কৰা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ চাৰি নতুন মন্ত্ৰীয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰকাশিত নিৰ্দেশনাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ আজি কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একাংশ মন্ত্ৰী তথা বিজেপি নেতাই অনাস্তা প্ৰকাশ কৰিছে বুলি সন্দেহ ব্যক্ত কৰি এনে সিদ্ধান্ত লোৱাৰ সন্দেহ কৰিছে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিশ্বস্তসকলক কেবিনেটত অন্তৰ্ভুক্ত কৰে আৰু কাৰ্য পৰিচালনা কৰে। মুখ্যমন্ত্রীৰ আস্থাভাজন নহয় তেওঁলোক মন্ত্রী হ’ব নোৱাৰে৷ এয়াই নিয়ম। নতুন চাৰি মন্ত্ৰীয়ে কামবোৰ পৰিদৰ্শন কৰিবলৈ যাব পাৰিব, কিন্তু সিদ্ধান্ত ল’ব নোৱাৰিব৷ শইকীয়াই কয় যে সেইখিনি কাম বিভাগৰ বিষয়াই কৰিব পাৰে। মন্ত্রীৰ প্ৰয়োজন নাই। মন্ত্রী হোৱাৰ আশা পূৰণৰ বাবেহে কাৰোবাক কাৰোবাক মন্ত্রিত্ব দিয়া হৈছে৷ এনে ধাৰণা হয় বুলিও কয় শইকীয়াই৷ মুখ্যমন্ত্রীৰ ওপৰত বহুতৰে অনাস্থা আহিছে নেকি বুলি প্ৰশ্ন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্রীৰ কাম-কাজক লৈ মতানৈক্যৰ সন্দেহ কৰিছে৷ দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্রীয়ে আমাৰ বিষয়ে কৈ থাকে যে কংগ্ৰেছ বিধায়িনী দলত কি হৈছে কোনোবাই ৰেকৰ্ডিং কৰি তেওঁক শুনাই থাকে। ঠিক তেনেকৈ এতিয়া বিজেপি দলত কিবা বিসম্বাদ হৈ তেওঁলোকৰ হাইকমাণ্ডক কেবিনেটত কি আলোচনা হয় সেইবিলাক কোনোবাই শুনাই থাকে নেকি মোৰ সন্দেহ হয়। কাৰণ যোৱা সময়ছোৱাত চৰকাৰখনে ৰাইজৰ বাবে কাম কৰিম বুলি কৈ যিমানখিনি অন্যায়মূলক কাম কৰিছে এইবিলাকে নিশ্চিতভাৱে বিজেপিত থকা সকলোকে সন্তুষ্ট কৰা নাই। মই এই কথা দৃঢ়ভাৱে ক’ব পাৰো। এটা সময়ত বিজেপিয়ে এনআৰচি নতুনকৈ হ’ব বুলি কৈ আছিল আৰু এতিয়া চাউলৰ কাৰ্ড ল’বলৈ হ’লে এনআৰচিত নাম থাকিব লাগিব বুলি কৈছে। অৰ্থাৎ তেওঁলোকে এনআৰচিখন গ্ৰহণ কৰিলে। যোৱা বিধানসভাত আমি গিবন অভয়াৰণ্যত তেলৰ অম্বেষণ হ’ব নালাগে বুলি কৈছিলো। কালি এখন দুখজনক ফটো আহিছে। পুঁজিপতিৰ স্বাৰ্থত বা নিজৰ সুবিধাৰ বাবে মুখ্যমন্ত্রীয়ে লোৱা এনেকুৱা কিছুমান সিদ্ধান্তত হয়তো সকলো মন্ত্রীৰে আস্থা নাথাকে। এইবিলাক কথা বাহিৰত ওলাই যাব তথা ৰেকৰ্ডিং হৈ যাব পাৰে বুলি ভাবি কেবিনেটত মোবাইল নিষিদ্ধ কৰা হৈছে বুলি মোৰ ধাৰণা হৈছে।

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…