মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জিলাই জিলাই কংগ্ৰেছৰ এজাহাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাৰী সমাজক অপমান কৰাৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জিলা সদৰসমূহত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ৰাজ্যখনৰ জিলাই জিলাই জিলা কংগ্ৰেছৰ সভাপতি আৰু আন নেতাসকলে সদৰ থানাসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ চৰিত্ৰ হনন কৰা কাৰ্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰি মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ৰ প্ৰাসংগিক ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰি মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী উত্থাপন কৰে। গুৱাহাটীত মহানগৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰি জিলা কংগ্ৰেছৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মাই আজি সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰীজনে অসমৰ নাৰী সমাজৰ সতীত্বক লৈ সন্দেহ কৰাতো তেওঁৰ কুৰুচিসম্পন্ন চিন্তাধাৰাৰ প্ৰতিফলন। দিছপুৰ থানাত এজাহাৰ দাখিল কৰি তাৰ প্ৰতিলিপিৰ প্ৰাপ্তি স্বীকাৰ লৈ শৰ্মাই লৈ কংগ্ৰেছৰ আমোলত নিযুক্তি লাভ কৰা মহিলাসকলক সন্দেহৰ চকুৰে চোৱাতো এক অন্যায় আৰু ই সমাজত ব্যাপক বেমেজালিৰ সৃষ্টি কৰিব। কংগ্ৰেছৰ আমোলত হোৱা নিযুক্তিসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষমতাশালী মন্ত্ৰী হৈ থকাৰ অজুহাততে তেওঁৰ পৃষ্ঠাপোষকতা চলিছিল আৰু যদি কিবা খেলিমেলি হৈছিল তাৰবাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই জগৰীয়া বুলিও শৰ্মাই উল্লেখ কৰে। ইফালে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কাৰ নাম উল্লেখ আছে সেই কথা স্পষ্ট নকৰি মুখ্যমন্ত্ৰীজনে সেই সময়ত নিযুক্তি লাভ কৰা সকলো প্ৰাৰ্থীৰ চৰিত্ৰ হননৰ যি কাণ্ড কৰিলে সেয়া আইন বিৰুদ্ধ বুলিও তেওঁ উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰূপা কলিতাইয়ো সাংবাদিকৰ আগত অসমৰ মহিলা সমাজক অপমান কৰা বাবে মুখ্যমন্ত্ৰীজনক মুকলিকৈ সমালোচনা কৰে। জিলা কংগ্ৰেছৰ কেবাজনো জ্যেষ্ঠ নেতাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ সম্পাদক ৰূপক দাস, হেপ্পী গগৈ, গোলাম মোস্তাক ওছমানি আদি নেতাসকলে এজাহাৰ দাখিলৰ নেতৃত্ব লয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাও সজাতী দলটোত উপস্থিত আছিল।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ