
কালি অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে এছআইটি গঠন কৰিবলৈ সাহস নকৰিলে যদিও পাকিস্তানৰ আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি দিয়ে৷ কেবিনেটৰ অনুমোদন মৰ্মে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙে গোচৰ ৰুজু কৰিছে৷ গোচৰৰ তদন্ত কৰিব অপৰাধ অনুসন্ধান শাখাই। তাৰ পিছতে আজি সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মাথো ১২ মাহ আছে আৰু ১২ মাহ পিছতে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে৷ গৌৰৱ গগৈয়ে কয় যে ৰাইজৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে আজিলৈ দিয়া নাই৷ ১২ মাহ পিছত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ব তেতিয়া উত্তৰ বিলাক দিব লাগিব৷ কংগ্ৰেছৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ কি অৱস্থা সেই কথা জানে বুলি হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ কৰি গগৈয়ে আৰু কয় যে কালি অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ মুখখন দেখিছে৷ মুখ্যমন্ত্ৰীৰ চকুলৈ চাই, স্পষ্ট যে কিবা ভয় খাইছে। মুখ্যমন্ত্ৰী চিন্তিত আৰু সেয়া স্বাভাৱিক৷ কিয়নো তেওঁ ভয় খাইছে। কংগ্ৰেছৰ স্থিতি স্পষ্ট। যদি তেওঁলোকে অনুসন্ধান কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে। আমি আমাৰ স্থিতিত দৃঢ়হৈ আছো। মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ তেওঁ জানে যে এবছৰৰ পিছত নিৰ্বাচনত পৰাজয় নিশ্চিত আৰু তেওঁ তেওঁৰ চকী হেৰুৱাব। ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ গঠন হ’লে তেওঁৰ ভৱিষ্যত কি হ’ব তাক লৈও তেওঁ ভয় কৰে। ১০ বছৰ ধৰি অসমৰ ৰাইজে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি আহিছে৷ তেওঁ এটাও প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ কিন্তু ২০২৬ চনৰ নিৰ্বাচনৰ পিছত শৰ্মাই উত্তৰ দিব লাগিব। এই ১২ মাহত কংগ্ৰেছ দল একত্ৰিত হ’ব৷ জনসাধাৰণৰ মাজলৈ যাব৷ তেওঁলোকৰ সমস্যা উত্থাপন কৰিব৷ শেষত বিজয় অসমৰ জনসাধাৰণৰ হ’ব। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মোদী অমিত শ্বাহৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিশেষকৈ আদানীৰ কেলেংকাৰী-ভ্ৰষ্টাচাৰ সম্পৰ্কত গৌৰৱ গগৈয়ে সদনৰ মজিয়াত যি ভূমিকা লৈছে তাৰ বাবে টাৰ্গেট কৰি লোৱা হৈছে৷ গৌৰৱ গগৈৰ অসমৰ যুৱ প্ৰজন্ম, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগতৰ যিহেতু সু-সম্পৰ্ক৷ যোৰহাটত হৰুৱাব নোৱাৰাৰ বাবে বিজেপিৰ প্ৰতিশোধ পৰায়ন দৃষ্টি ভংগীৰে যোৱা সময়ছোৱাত আক্ৰমণ কৰি আহিছে৷ একেবাৰে নিম্নস্তৰলৈ গতি কৰিছে। অসমৰ ৰাজনৈতিক, গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই। অসমৰ ৰাইজৰ হৈ আমি দায়িত্ব লৈছো হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছো বুলি কয় বৰাই৷