ৰাজ্য প্ৰান্তে প্ৰান্তে ১১ নৱেম্বৰত যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিকৃতি দাহ কৰিব আছুৱে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাব আছুৱে৷ ৯ নৱেম্বৰত আছুৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল৷ কাৰ্যনিৰ্বাহকত আছুৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয়৷ ১১ নৱেম্বৰ আৰু ২০ নৱেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰিব৷ ১১ নৱেম্বৰত প্ৰতিখন আঞ্চলিকে যোগান মন্ত্ৰী ৰণজিৎ দাসৰ পুত্তলিকা দাহ কৰিব। ২০ নৱেম্বৰত প্ৰতিখন জিলা সদৰত মূল্যবৃদ্ধি ৰোধৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰিব৷
অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন
অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক…