মৌচুমী হত্যাৰ পিছতে গাড়ীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড, ১৩ বছৰীয়া ছাত্ৰী জুহি, চালক হীৰকক হত্যা!

গুৱাহাটীত এতিয়া প্ৰতিদিনে মানুহৰ মৃতদেহ উদ্ধাৰ হোৱাটো এতিয়া সহজ কথা হৈ পৰিছে৷ এইবাৰ গুৱাহাটীত এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি হত্যাৰ সন্দেহ কাৰ হৈছে৷ লগতে ছাত্ৰীগৰাকীক অপহৰণৰ সন্দেহ কৰা স্কুল ভান চালকক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ গুৱাহাটীৰ লাষ্টগেটৰ নাহৰণি পথত ঘাটক প্ৰেমিক ভূপেন দাসে মৌচুমী গগৈ নামৰ মহিলাক দিন-দুপৰতে ডেগাৰ মাৰি হত্যা কৰাৰ চাঞ্চল্য মাৰনৌযাওতেই এইবাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ বৰলুইতৰ ঘাটত উদ্ধাৰৰ পিছতে হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ আজি পুৱাই গুৱাহাটীৰ মহানগৰীৰ গাড়ীগাঁৱত বৰলুইতৰ ঘাটত একাংশ লোকে একেলগে দুটা মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিছিল৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ এটা অপহৃত ছাত্ৰী জুহি দাস আৰু আনটো স্কুলভান চালক হীৰকজ্যোতি দাসৰ বুলি চিনাক্ত কৰা হৈছে৷ ছাত্ৰী জুহি দাসৰ বয়স মাথোঁ ১৩ বছৰ আৰু অষ্টম শ্ৰেণীত পঢ়ি আছিল বুলি জানিব পৰা গৈছে৷ গাড়ীগাঁৱৰ পৰা মঙলবাৰৰ সন্ধিয়া নিৰুদ্দেশ হৈ আছিল ছাত্ৰী জুহি দাস৷ হীৰকজ্যোতিৰ স্কুলভানত অহা-যোৱা কৰিছিল জুহি। চালক হীৰকজ্যোতি দাসে ছাত্ৰীগৰাকীক অপহৰণৰ অভিযোগ আনিছিল পৰিয়ালে। ২৪ ডিচেম্বৰৰ পুৱতি নিশা গাড়ীগাঁৱৰ লুইতপাৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী স্কুল ভানচালক হীৰকৰ সৈতে ওলাই গৈছিল। হীৰক আৰু জুহিৰ একেলগে থকাৰ দৃশ্য উদ্ধাৰ হৈছিল চিচিটিভিত। এই বিষয়ত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দিছিল পৰিয়ালে৷ আৰক্ষীয়ে ঘটনাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও স্থানীয় লোকে জুহি দাস আৰু ভান চালক হীৰকক হত্যা কৰাৰ সন্দেহ কৰিছে৷ এতিয়া চালক হীৰকে জুহিক হত্যা কৰি নিজেই আত্মহত্যা কৰিলে নে অইন কোনো দুৰ্বৃত্তই দুয়োকে হত্যা কৰিলে সেয়া স্পষ্ট হোৱা নাই৷ কিন্তু দুয়োটা পৰিয়ালে দুয়োকে হত্যা কৰাৰ অভিযোগ আনিছে৷ হীৰকৰ পৰিয়ালে দুই বন্ধুৰ নামো লৈছে৷ অপহৰণ কৰা বুলি অভিযোগ উঠা হীৰক আৰু জুহিৰ একেলগে মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সন্দেহৰ সৃষ্টি হৈছে। হীৰক বিবাহিত আছিল আৰু এটি কণমানি সন্তানৰ পিতৃ৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…