ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প, খহি পৰিল অট্টালিকা

শুকুৰবাৰে ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প এটা অনুভৱ কৰা হৈছে। ইয়াৰ কম্পন অসমৰ গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অঞ্চলৰ লগতে দিল্লী-এনচিআৰতো অনুভৱ কৰা হৈছে। বাংলাদেশ, ভাৰত, লাওছ, ম্যানমাৰ (বৰ্মা), থাইলেণ্ড আৰু চীনতো এই ভূমিকম্পৰ প্রভাৱ পৰিছে।

যুক্তৰাষ্ট্ৰীয় ভূতাত্ত্বিক সেৱাৰ (ইউএছজিএচ) মতে, ভূমিকম্পটো প্ৰায়  ১১টা ৫০ মিনিটত সংঘটিত হয় আৰু কম্পন ১১টা ৫৩ মিনিটত ৰিপোর্ট কৰা হৈছে। ভূকম্পনৰ কেন্দ্ৰ ম্যানমাৰৰ চাগাইংৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত আছিল।

থাইলেণ্ডৰ ৰাজধানী বেংককত বৃহৎ কম্পন অনুভৱ কৰা হৈছে, য’ত ক্ষয়ক্ষতিৰ খবৰ ওলাইছে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’সমূহত এটা অৰ্ধ-নিৰ্মাণাধীন অট্টালিকা তাসৰ ঘৰৰ দৰে ভাঙি পৰা দেখা গৈছে। ইয়াৰে জনতা আতংকিত হৈ পলাই থকাৰ দৃশ্য ধৰা পৰিছে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাওয়াৰাই ৰাষ্ট্ৰীয় সতৰ্কতা জাৰি কৰি বেংককত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। তেওঁ লগতে জনসাধাৰণক পৰৱৰ্তী সময়ৰ বাবে সতৰ্ক হ’বলৈ সতৰ্কবাণী দিছে, কিয়নো ভূমিকম্পৰ পিছত সঘনাই এনে কম্পন হয়। চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ বাবে তাৎক্ষণিক পদক্ষেপ লৈছে।

ইফালে, মেঘালয়ত ৪.০ ৰিক্টাৰ স্কেলৰ মৃদু ভূমিকম্প এটা অনুভৱ কৰা হৈছে, যিয়ে ৰাজ্যৰ বহুতো অঞ্চলত উদ্বেগৰ সৃষ্টি কৰিছে। যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ নোলালেও, পূৰ্ব গাৰো পাহাৰ অঞ্চলত এই কম্পন স্পষ্টভাৱে অনুভৱ কৰা হৈছে। ভূকম্পনৰ কেন্দ্ৰ পূৰ্ব গাৰো পাহাৰত আছিল বুলি জানিব পৰা গৈছে।

  • Related Posts

    ভয়াবহ ভূমিকম্প এক হাজাৰৰ মৃত্যু

    ২৮ মাৰ্চত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াবহ ভূমিকম্পই ম্যানমাৰক তচ-নচ কৰি পেলাইছে। বৰ্তমানলৈকে  ১,০০০  লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,৫০০ জন আঘাতপ্ৰাপ্ত হৈছে বুলি ৰাষ্ট্ৰীয় টেলিভিছনে প্ৰকাশ কৰিছে। সেনা-নিয়ন্ত্ৰিত চৰকাৰে আনুষ্ঠানিকভাৱে…

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…