
গোৱালপাৰাঃ বিদ্যুৎস্পৃষ্ট পুত্ৰক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল পিতৃয়েও। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত। বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা পিতা-পুত্ৰহালক লক্ষীপুৰৰ ধামৰৰ বাৰুমাৰী গাঁৱৰ বীৰেশ্বৰ হাজং আৰু ৰমেন্দ্ৰ হাজং বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বাৰিষাৰ বান আৰু বৰষুণৰ বাবে লক্ষীপুৰৰ ধামৰৰ বাৰুমাৰী গাঁৱত এটা ছ’লাৰ লাইটৰ খুঁটা হাউলি বৈদ্যুতিক তাঁৰৰ সৈতে সংযুক্ত হৈ পৰিছিল।
এই বিষয়ে নজনাকৈ পুত্ৰ ৰমেন্দ্ৰ হাজঙে ছ’লাৰ লাইটৰ খুঁটাটো স্পৰ্শ কৰাৰ পিছতে তেওঁ বিদ্যুৎস্পৃষ্ট হয়। ইফালে পুত্ৰ বিদ্যুৎস্পৃষ্ট হোৱা দেখি বচাবলৈ অহা পিতৃ বীৰেশ্বৰ হাজঙো খুঁটাটোৰ সংস্পৰ্শলৈ অহাত দুয়োজনেই অকাল মৃত্যুক সাৱটি লয়।