বঙাইগাঁৱত শোকাবহ ঘটনা।
বিধ্বংসী অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধ দম্পতীৰ।
বঙাইগাঁৱৰ উত্তৰ বইটামাৰীৰ বাশবাৰী বজাৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত মৃত্যু ঘটে দুলাল ভট্টাচাৰ্য আৰু কৌশল্যা ভট্টাচাৰ্য নামৰ দম্পতীহালৰ।
অগ্নিকাণ্ডৰ সময়ত বজাৰত থকা নিজৰ চাহৰ দোকানতে শুই আছিল দম্পতীহালে।
ইফালে অগ্নিকাণ্ডত জাহ যায় বাশবাৰী বজাৰৰ তিনিখন দোকানো।
পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।
জুই সূত্ৰপাত ঘটনাৰ পিছত চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে জুই বিয়পি পৰাৰ সন্দেহ কৰা হৈছে।