মৰ্মান্তিক! ভিনিয়েকৰ বাইকত উঠি বায়েকৰ ঘৰলৈ আহিছিল খুলশালী! পথ দুৰ্ঘটনাত কৰুণ মৃত্যু দুয়োজনৰ

ডিজিটেল ডেস্কঃ ভিনিহিয়েকৰ বাইকৰ পিছত উঠি বায়েকৰ ঘৰলৈ গৈ আছিল খুলশালীয়েক। সেই সময়তে পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহটিয়াই লৈ যোৱাত অকাল মৃত্যুক সাৱটিবলগীয়া হয় ভিনিহিয়েক-খুলশালীয়েক দুয়োজনে। এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰৰ মতিহাৰীত।

জানিব পৰা মতে, ছিৰনী মালাহীৰ বাসিন্দা ৰানু মাহাতোৱে বৃহস্পতিবাৰে নিশা পশ্চিম চম্পাৰানৰ গুৰদৰা গাঁৱস্থিত শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ বাইকেৰে আহিছিল। তেওঁৰ লগতে আহিছিল পত্নীৰ ভগ্নী তথা খুলশালীয়েক সন্ধ্যা কুমাৰীও। তেওঁলোক দুয়োজনে বাইকেৰে আহি থকাৰ সময়তে চিকাৰহানা দলঙৰ সমীপত পিছফালৰ পৰা একন তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাৰ ফলত পথৰ ওপৰত ছিটিকি পৰা ভিনিহিয়েক-খুলশালী দুয়োজনৰে থিতাতে মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাৰ সময়ত হোৱা প্ৰচণ্ড শব্দ শুনি ওলাই অহা স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় পলায়নৰ চেষ্টা চলোৱা ট্ৰাক চালকজনক।

ঘটনাৰ পিছত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে ট্ৰাকখন জব্দ কৰিছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে