মৰ্মান্তিত, বাছৰ ভিতৰতে জ্বলি ছাই হ’ল ২৫ ছাত্ৰ-শিক্ষক

থাইলেণ্ডত সংঘটিত হৈছে মৰ্মান্তিত ঘটনা৷ এখন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ভৰ্তি বাছ অগ্নিদগ্ধ হৈ ২৫ ছাত্ৰ আৰু শিক্ষকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকৰ ভিতৰত ৫জন শিক্ষক আৰু বাকীখিনি ছাত্ৰ৷ শিক্ষাৰ্থীসহ বাছখনত আছিল মুঠ ৪৪ জন লোক৷ ১৬ জন লোকৰ প্ৰাণ ৰক্ষা পৰিছে৷ ১৬ জনক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰা থকা হৈছে৷ শিক্ষামূলক ভ্ৰমণলৈ গৈ থকাৰ সময়তে তীব্ৰ বাছখনত আকস্মিক অগ্নিকাণ্ড সংঘটিত হয়৷ জানিব পৰা মতে, থাইলেণ্ড উপনগৰীয় বেংককত শোকাৱহ অগ্নিকাণ্ড সংঘটিত হয়। মঙলবাৰে, বাছখন উথাই থানি প্ৰদেশৰ ৱাট খাও ফ্ৰায়া চাংখাৰাম স্কুলৰ পৰা আয়ুথায়া আৰু নন্থাবুৰি প্ৰদেশলৈ গৈ আছিল।সেই সময়তে টায়াৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড সংঘিট হয়৷ বাছখনৰ টায়াৰফাটি দেৱালত খুন্দা মাৰিছিল। চিএনজি দ্বাৰা চালিত বাছখন দুৰ্ঘটনাৰ ফলত টেংকীত জুই জ্বলিছিল। অতি কময় সময়ৰ ভিতৰতে সমগ্ৰ বাছখনক জুয়ে আৱৰি ধৰাত ইমানখিনি লোকৰ প্ৰাণ যায়৷ থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাই পীড়িতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি চিকিৎসা ব্যয় বহন কৰাৰ আৰু ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…