যোৰহাটত ভয়াৱহ পথ দুৰ্ঘটনা, ছাত্ৰ মছতাফা মুজাহিদ-ইৰফান হুছেইন নিহত

যোৰহাটৰ আজান গাঁৱৰ ৰাজপথত বুধবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুগৰাকী ছাত্ৰী। দুৰ্ঘটনাত থিতাতে নিহত হোৱা ছাত্ৰ দুজনক গোৱালপাৰাৰ মছতাফা মুজাহিদ আৰু যোৰহাট লিচুবাৰীৰ ইৰফান হুছেইন বুলি চিনাক্ত কৰা হৈছে। আহত হোৱা ছাত্ৰী দুগৰাকী হ’ল যোৰহাট চিনামৰাৰ খুছবু নভেল আৰু শোণিতপুৰৰ আৰিণা বড়ো। আহত ছাত্ৰী দুগৰাকী সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিসাধীন হৈ আছে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱামতে ছাত্ৰ-ছাত্ৰীকেইগৰাকী আহি থকা ৰঙা ৰঙৰ চাৰিচকীয়া ডাটছন গ’ বাহনখনে আজান গাঁৱৰ সমীপত পথৰ ডিভাইদাৰত তীব্ৰবেগে খুন্দা মাৰে। ফলত গাড়ীখনত চুচূৰ্মৈ হৈ পৰাৰ লগতে ভিতৰত থকা ছাত্ৰ-ছাত্ৰীকেইগৰাকী উফৰি বাহিৰত পৰি যায়। নিহত দুই ছাত্ৰ আৰু আহত ছাত্ৰী দুগৰাকী কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, গোৱালপাৰা চহৰৰ ২ নম্বৰ কল্পনা নগৰৰ বাসিন্দা মছতাফা মুজাহিদ বিশ্ববিদ্যালয়খনৰ এমবিএৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল। তীব্ৰবেগৰ বাবেই বাহনখন দুৰ্ঘটনাত পতিত হয় বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিছে। অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে