দক্ষিণ দিল্লীৰ সৈনিক ফাৰ্মৰ গ্ৰেটাৰ কৈলাসস্থিত বগলা মন্দিৰ শুৱনি কৰিবলৈ যোৰহাটৰ পৰা ৪০ বছৰীয়া মাইকী হাতীটোক নিব খোজা সিদ্ধান্তত স্থগিতৰ নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ সদ্যহতে যোৰহাটৰ পৰা স্থানান্তৰ নকৰিবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ অসমৰ হাতী দিল্লীলৈ স্থানান্তৰৰ প্ৰয়োজনীয়তা, উদ্দেশ্য সম্পৰ্কে স্পষ্টতা নাই বাবেই আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে৷
যোৰহাটৰ ৰঞ্জিতা নামৰ হাতীটোৰ মালিক শিৱনাথ দলেয়ে ইতিমধ্যে অসম বন বিভাগৰ ওচৰত অসমৰ পৰা হাতীটো স্থানান্তৰৰ বাবে আৱেদন দাখিল কৰিছিল। দিল্লীৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে হাতীটো ৰাখিবলৈ নিৰ্ধাৰণ কৰা স্থান পৰিদৰ্শন কৰি সেউজ সংকেত প্ৰদান কৰিছিল। হাতীটো যোৰহাটৰ পৰা নিব খুজিছিল মা বাগলামুখী মন্দিৰ ন্যাস কমিটীয়ে৷ কিন্তু দিল্লী উচ্চ ন্যায়ালয়ত মেচাৰ্ছ ফেডাৰেচন অফ ইণ্ডিয়ান এনিমেল প্ৰটেকশন অৰ্গেনাইজেচনে দাখিল কৰিছিল আৱেদন৷ ৰিট আৱেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডিলাৰ বিচাৰপীঠে অসমৰ পৰা দক্ষিণ দিল্লীৰ সৈনিক ফাৰ্মলৈ অসমৰ হাতী স্থানান্তৰৰ প্ৰস্তাৱত স্থগিতা প্ৰদান কৰিছে৷ বিচাৰপীঠে কয় যে হাতী অসমৰ বৰ্তমানৰ অৱস্থানৰ পৰা স্থানান্তৰ কৰাৰ প্ৰয়োজনীয়তা আৰু উদ্দেশ্য সম্পৰ্কে কোনো স্পষ্টতা নাই। হাতীটো স্থানান্তৰ কৰিবলৈ বিচৰা মা বাগলামুখী মন্দিৰ ন্যাসক দিয়া জাননীত বিচাৰপীঠে কয় যে যিহেতু আদালতক জনোৱা হৈছে যে হাতী ৰঞ্জিতাই দিল্লীলৈ যাত্ৰা আৰম্ভ কৰা নাই৷ আমি নিৰ্দেশ দিছো যে বৰ্তমান স্থানৰ পৰা স্থানান্তৰ কৰিব নালাগে। বিচাৰপীঠে ইয়াকো কয় যে এই নিৰ্দেশনা শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হওক আৰু নিৰ্দেশনা পালন কৰা হওক৷ আদালতে দিল্লীৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক জীৱন ধাৰণৰ পৰিস্থিতি, হাতী পৰিচালনাৰ বাবে কৰ্মচাৰী আৰু জন্তুৰ সংখ্যা মূল্যাঙ্কন কৰিবলৈ মন্দিৰ অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ দিছে। ধৰ্মীয় বা আন যিকোনো উদ্দেশ্যৰ বাবে বন্দী হাতী স্থানান্তৰৰ অনুমতি দিয়া বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৪৩ৰ ব্যৱস্থাক আদালতত প্ৰত্যাহ্বান জনাইছিল মেচাৰ্ছ ফেডাৰেচন অফ ইণ্ডিয়ান এনিমেল প্ৰটেকশন অৰ্গেনাইজেচনে। অসম কৰ্তৃপক্ষ আৰু দিল্লীৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে ৰঞ্জিতাক ৰাষ্ট্ৰীয় ৰাজধানীলৈ স্থানান্তৰ কৰাৰ অনুমোদন দিয়াৰ পিছত আবেদনখন দাখিল কৰা হৈছিল। অবিৰ ফুকন, শিবানী ঘোষ আৰু ঋষিকা ৰাধাকৃষ্ণনে আবেদন কৰিছিল। আবেদনকাৰীয়ে জানিব পাৰিছিল যে এটা ৪০ বছৰীয়া মাইকী হাতী ৰঞ্জিতাক অসমৰ যোৰহাটৰ পৰা দক্ষিণ দিল্লীৰ সৈনিক ফাৰ্মলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আবেদনকাৰীয়ে এখন আবেদন দাখিল কৰি স্থানান্তৰৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল। আৱেদনকাৰীসকলে হাতীৰ স্থানান্তৰৰ ওপৰত স্থগিতাদেশ ৰখাৰ আদালতৰ নিৰ্দেশক আদৰণি জনাই কয় যে অসমৰ সেউজীয়া বাসস্থানৰ পৰা দিল্লীলৈ জীৱিত হাতী আনি কঠোৰ কৃত্ৰিম পোহৰ আৰু শীতাতপ নিয়ন্ত্ৰিত কংক্ৰিটৰ কাৰাগাৰত সদৃশ স্থান ৰাখিব খোজা ধাৰণাটো কল্পনা কৰিব নোৱাৰি। দিল্লী বন বিভাগে হাতীটো ৰাখিবলৈ অনুমোদন জনোৱা কথাটো এনেকুৱা যে গুদামৰ দৰে ঠাই য’ত এজন ব্যক্তিয়ে গাড়ীহে ৰাখিব পাৰে, কিন্তু জীৱিত হাতী নোৱাৰে।
হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ
হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…