লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ৰাজাউল্লাহ নিজামানীক গুলীয়াই হত্যা

পাকিস্তানত ভাৰতৰ এজন শত্ৰু অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছে৷ লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ আৰু ভাৰতত বহু ভয়ংকৰ সন্ত্রাসী আক্ৰমণৰ মূল চক্ৰান্তকাৰী ৰাজাউল্লাহ নিজামানীক পাকিস্তানৰ সিন্ধ প্ৰদেশত অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে৷ লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ ৰাজাউল্লাহ নিজামানী আবু ছাইফুল্লাহ খালিদ নামেৰেও পৰিচিত আছিল৷ দেওবাৰে পাকিস্তানৰ সিন্ধ প্ৰদেশত অজ্ঞাত বন্দুকধাৰীৰ গুলীত নিহত হয়। নিজামানী সিন্ধৰ মতলি চহৰত থকা নিজৰ ঘৰৰ পৰা দেওবাৰে আবেলি ওলাই আহিছিল। কিছু নিলগত থকা মতলি ফালখৰা চৌকৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়। বন্দুকধাৰীসকলে তেওঁৰ ওপৰত গুলীচালনা কৰি বন্দুধাৰীয়ে সেই ঠাই ত্যাগ কৰিছিল। ভাৰতত সন্ত্রাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত কমাণ্ডাৰ ৰাজাউল্লাহ নিজামানী ভাৰতীয় নিৰাপত্তা সংস্থাসকলৰ নজৰত আছিল। ২০০৬ চনৰ নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ মুখ্য কাৰ্যালয়ত হোৱা সন্ত্রাসী আক্ৰমণ, ২০০৫ চনৰ বেঙ্গালুৰৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত হোৱা গুলীকাণ্ড আৰু ২০০১ চনৰ উত্তৰ প্ৰদেশৰ ৰামপুৰস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ছাৱনিৰ ওপৰত হোৱা আক্ৰমণত তেওঁ মূল চক্ৰান্তকাৰী হিচাপে অভিযুক্ত আছিল। ৰামপুৰ আক্ৰমণত ৭ গৰাকী জোৱান নিহত হৈছিল৷ নিৰাপত্তা সূত্ৰ অনুসৰি, নিজামানী পাকিস্তান চৰকাৰৰ পৰা ৰাজ্যিক সুৰক্ষা লাভ কৰি আছিল বুলি ধাৰণা কৰা হৈছিল। পেহেলগামত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণ আৰু ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ পাছত পাক সেনা-আইএছআইয়ে লস্কৰ-ই-তৈবাৰ নেতাসকলক ৰাজহুৱা স্থানত চলাচল নকৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়ে। ভাৰতত হোৱা সন্ত্রাসবাদী কাৰ্যকলাপৰ বাহিৰেও তেওঁ নেপালত মডিউল চলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। নিজামানীয়ে ভাৰত-নেপাল সীমান্তৰ মাজেৰে জেহাদিত চলাচল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ