
গুৱাহাটীঃ উজনি অসমত কেইবাটাও খিলঞ্জীয়া দল-সংগঠনে মিঞা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছতে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা এই পৰিস্থিতিৰ মাজত এইবাৰ প্ৰৱেশ কৰিছে মধ্য অসমে। উজনিত মিঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযানৰ প্ৰতিবাদ জনাই উজনি অসমলৈ অনিৰ্দিষ্টকাললৈ মাছ ৰপ্তানি নকৰাৰ ঘোষণা কৰিছে নগাঁও জিলা মীন পালক সন্থাই।
সোমবাৰে নগাঁও জিলা মীন পালক সন্থাই কয় যে, আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ উজনি অসমৰ জিলাসমূহলৈ মাছৰ ৰপ্তানি নহয়। ইয়াৰ পৰিবৰ্তে কেৱল গুৱাহাটীতহে এতিয়া মাছৰ ৰপ্তানি কৰিব বুলি মন্তব্য কৰে নগাঁও জিলা মীন পালক সন্থাই।
শেহতীয়াকৈ ঘটি থকা ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সন্থাই কয় যে, উজনি অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক শৃংখল চলিহাৰ নেতৃত্বত অত্যাচাৰ চলোৱা হৈছে। ইয়াৰ পৰিণাম ভুগিব লাগিব।
মীন পালক সন্থাই লগতে কয়, ”আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ হাতত বিশাল মীন ব্যৱসায় আছে। উজন অসমলৈ মাছৰ ৰপ্তানি সংখ্যালঘু লোকসকলে কৰে। যাৰ ফলত উজনি অসমৰ মানুহে কম দামত মাছ খাবলৈ পায়। আমি মীন পালক সন্থাই সিদ্ধান্ত লৈছো যে অনাগত দিনত উজনিলৈ মাছৰ ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰ জিলালৈ এই ৰপ্তানি নহয়।’’
সন্থাই কয়, ”দৰকাৰ হ’লে মাছ পচাই দিম, তথাপিও উজনিলৈ মাছ নপঠাওঁ। শৃংখল চলিহাক হুংকাৰ জনাই সন্থাই কয় যে, এনে কৰিলেহে শৃংখল চলিহাই গম পাব আমাৰ হাতত কিমান সম্পদ আছে। কিমান শক্তি আছে।
উল্লেখ্য যে, বিগত কেইটামান দিনত অসমত মিঞা বিৰোধী অভিযানে গা কৰি উঠিছে। প্ৰায় ৩০ টা জাতীয়- জনগোষ্ঠীয় সংগঠনে মিঞাসকলক ৭ দিনৰ ভিতৰত উজনি অসম এৰাৰ নিৰ্দেশ দিছে। এই জুই লাহে লাহে নামনি অসমলৈও বিয়পা আৰম্ভ কৰিছে। শেহতীয়াকৈ মিৰ্জাত মিঞা বিৰোধী অভিযান হোৱা দেখিবলৈ পোৱা যায়। বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখিবলৈ পোৱা গৈছে যে সংগঠনৰ নেতাসমূহে একাংশ মিঞাৰ ঘৰত প্ৰৱেশ কৰি ৭ দিনৰ ভিতৰত উজনি অসম এৰিবলৈ নিৰ্দেশ দিছে।