কন্যাৰ উচ্চ শিক্ষাৰ বাট সুনিশ্চিত কৰি সৱলীকৰণৰ দিশে আগুৱাই নিবলৈ আৰু বাল্য বিবাহৰ দৰে কু-সংস্কাৰ বোধেৰে এক সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে শুভাৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে। লাহোৱাল সমষ্টিত মুঠ ৬০৬গৰাকী ছাত্ৰীয়ে চেক লাভ কৰিছে। অনুষ্ঠানতে গুৱাহাটী খানাপাৰাত অনুষ্ঠিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰণো কৰা হৈছে।
চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম
ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…