লাহোৱালৰ এছ.কে.এছ ইংলিছ অকাডেমিত উছৱমুখৰ পৰিৱেশ

আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এছ.কে.এছ ইংলিছ অকাডেমি উজ্বলি উঠিছে৷ এইবাৰ পৰীক্ষাত বহা সকলো পৰিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ এছ.কে.এছ ইংলিছ অকাডেমিৰ পৰা ২৭গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে এগৰাকী শিক্ষাৰ্থীয়ে ডিষ্ট্ৰিংচন, ৭গৰাকীয়ে ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱাৰ লগতে ১৭গৰাকীয়ে প্ৰথম বিভাগত আৰু দুগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ এছ.কে.এছ ইংলিছ অকাডেমিৰ পৰিক্ষাৰ্থীসকলে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ খবৰ লাভ কৰাৰ পিছতে বিদ্যালয়খনত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ ফলাফল পোৱাৰ পিছতে বিদ্যালয়খনত উপস্থিত হয় উত্তীৰ্ণ পৰীক্ষাৰ্থীসকল৷ তাৰ পিছতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি পৰীক্ষাৰ্থীসকলক আদৰণি জনায়৷ নাচি-বাগি আনন্দ-উল্লাস প্ৰকাশ কৰা দেখা যায়৷ এছ.কে.এছ ইংলিছ অকাডেমি জিন্দাবাদ ধ্বনি নি ছাত্ৰ-ছাত্ৰীসকলক আৱেগিক হোৱা দেখা যায়৷ একাডেমীৰ পৰিক্ষাৰ্থী অনন্যা শ্বাহাই ডিষ্ট্ৰিংচন লৈ উত্তীৰ্ণ হৈছে৷ ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ কুকি গগৈ, ভৈৰৱী চেতিয়া, ৰশ্মি কুমাৰ, ৰিয়া গগৈ, সঞ্জীৱ ধানোৱাৰ, কল্পনা তেলী, অভিৰাজ চাহুৱে৷ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে যুৱৰাজ হাজৰিকা, ইণ্ডিয়া ৰাণী মেচ, পৰিস্মিতা মেচ, সূৰজ ওৰাং, দেৱাশীষ দাস, ইন্দ্ৰাণী দত্ত, গৰিমা শইকীয়া, পূৰৱ গগৈ, প্ৰত্যূষ হাজৰিকা, বিকাশ ধানোৱাৰ, ভাস্কৰ হাজৰিকা, পাৰ্থ প্ৰতীম হাজৰিকা, দেৱ যোশী, বিপান্স গগৈ, দ্বিপৰাজ গগৈ, কপিল গোহাঁই, ধনেশ্বৰ ক’লে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷ চিন্ময় গগৈ আৰু উন্মেষা বৰ্মানে দ্বিতীয় স্থান লাভ কৰিছে৷ বিদ্যালয়খনত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰথমবাৰতে উন্নত ফলাফল কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ লাহোৱাল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এছ.কে.এছ ইংলিছ একাডেমিয়ে৷ ছাত্ৰৰ সামগ্রিক বিকাশ সাধনৰ বাবে এছ.কে.এছ ইংলিছ অকাডেমিয়ে গুৰুত্ব প্ৰদান কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ স্বকীয় পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীয়ে শিক্ষণ পাঠ্যক্ৰম ৰূপায়ন কৰা বুলি জানিব পৰা যায়৷ অকাডেমিয়ে সময়ে সময়ে একাংশ দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰে। বিদ্যালয়খন প্ৰতিষ্ঠাপক তথা বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহে কয় যে আমাৰ শিক্ষানুষ্ঠান গঢ় দিয়াৰ প্ৰকৃত উদ্দেশ্যেই আছিল পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত শিক্ষা দিয়া৷ লাহোৱালৰ দৰে পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে আজি প্ৰমাণ কৰিছে যে লাহোৱালৰ ছাত্ৰ-ছাত্ৰী আৰু পিছ পৰি নাথাকে৷ আমি ছাত্ৰ-ছাত্ৰীক উচিত শিক্ষা দিয়াৰ চেষ্টা কৰিছো৷ সেই মতে, ছাত্ৰ-ছাত্ৰীয়ে ফলাফল কৰিছে৷ আমাৰ উদ্দেশ্যে সফল হ’বই৷ কিয়নো এই শিক্ষাই এই অঞ্চলৰ পৰা ভাল ভাল নাগৰিক সৃষ্টি কৰিব৷ আমি ভালদৰে নৱ প্ৰজন্মক আগবঢ়াই নিম৷ সেয়াই আমাৰ চেষ্টা- কয় শ্বাহে৷

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ