

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাৰ ছেক্টৰ ১৩২স্থিত দিল্লী পাব্লিক স্কুলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক লাঞ্চ বক্সত আমিষ খাদ্য নানিবলৈ অভিভাৱকলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে সূত্ৰপাত ঘটে বিতৰ্কৰ। একাংশ অভিভাৱকে বিদ্যালয়খনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আনকি বিদ্যালয় চৌহদত প্ৰতিবাদো সাব্যস্ত কৰে।
দিল্লী পাব্লিক স্কুল কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত নিজৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে স্বাস্থ্য আৰু সৰ্বাংগীনতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে সিদ্ধান্ত লোৱা হৈছে। অভিভাৱকে ল’ৰা-ছোৱালীৰ টিফিন বক্সত আমিষ খাদ্য প্ৰেৰণ কৰিলে, সেই খাদ্য দুপৰীয়া পৰ্যন্ত নষ্ট হ’ব পাৰে আৰু তেনে খাদ্য খালে ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।
বিদ্যালয়ৰ অধ্যক্ষ সুপ্ৰীতি চৌহানে কয় যে এয়া মাথোঁ অনুৰোধ। প্ৰায়বোৰ অভিভাৱকে এই অনুৰোধ নাকচ কৰিছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অভিভাৱকলৈ অনুৰোধ কৰা হৈছে। আমি কোনো ধৰণৰ বাধা আৰোপ কৰা নাই। যোৱা বছৰো এই জাননী এই ছিজনত জাৰি কৰা হৈছিল। একাংশ লোকে সংবাদ মাধ্যম আৰু ইণ্টাৰনেটত এই কথা ভুলকৈ বিয়পাইছে। আমি আমাৰ শিক্ষাৰ্থীসকলৰ পিতৃ-মাতৃৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰোঁ। তেওঁলোকক কোনো ধৰণৰ নিৰ্দেশনা দিব নোৱাৰো।