

নিউজ ডেস্কঃ সোমবাৰে পুৱা বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধনাথ মন্দিৰত ভক্তৰ মাজত উদ্ভৱ হোৱা লৰা-ঢপৰাত ৭ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু ঘটাৰ লগতে আন ৯ জন আহত হয়।
নিহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা আৰু দুজন পুৰুষো আছে। লগে লগে আহতসকলক মখদুমপুৰ আৰু জেহানাবাদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
জেহানাবাদৰ ডি এম অলংকৃতা পাণ্ডেয়ে সদৰী কৰা মতে, মন্দিৰৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ ভিতৰত আছে।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ নিশ্চিত কৰে যে, “জেহানাবাদ জিলাৰ মাখডুমপুৰৰ বাবা সিদ্ধনাথ মন্দিৰত হোৱা হুলস্থুলত কমেও সাতজন লোকৰ মৃত্যু হয় আৰু ৯জন আহত হয়। আমি সকলো নিৰীক্ষণ কৰি আছো, আৰু এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে।”
এই ঘটনাৰ পিছতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকে তৎক্ষণাত সেই স্থান পৰিদৰ্শন কৰে।
যোৱা ২ জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত একেধৰণৰ ঘটনাত ১২০ জন লোকৰ মৃত্যু ঘটিছিল। বাবা নাৰায়ণ হৰিৰ নেতৃত্বত ধৰ্মীয় মণ্ডলীত ভক্তই ভাগ লোৱাৰ সময়তে লৰা-ঢপৰাত ভক্ত কেইজনৰ মৃত্যু ঘটে।