শান্তিৰ অসম! ৭ মাহৰ ভিতৰতে সংঘটিত হ’ল ৫৩৩টা হত্যাকাণ্ড, ব্যৰ্থ চৰকাৰ-প্ৰশাসন

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু অসম আৰক্ষীয়ে ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি জহাই ফুৰিলেও প্ৰকৃতপ্ৰক্ষত ৰাজ্যৰ পৰিস্থিতি কেনেধৰণৰ সেই কথা উদঙালে খোদ মুখ্যমন্ত্ৰীয়ে। অসম বিধানসভাৰ মজিয়াত ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা তথ্য অনুসৰি এই বছৰৰ জানুৱাৰীৰ পৰা জুলাই মাহৰ ৩১ তাৰিখলৈকে অসমত সংঘটিত হৈছে ৫৩৩টা হত্যাকাণ্ড।

বৃহস্পতিবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সময়ত বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰে কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে গৃহ বিভাগে। আনহাতে হত্যাকাণ্ডৰ উপৰিও ৰাজ্যত সংঘটিত চুৰি, ডকাইতিৰো তথ্য প্ৰদান কৰে গৃহ বিভাগে।

গৃহ বিভাগৰ তথ্য অনুসৰি অসমৰ ‘স্মাৰ্ট আৰক্ষী’ৰ নাকৰ তলতে বিগত ৭ মাহত সংঘটিত হৈছে সর্বমুঠ ৫৩৩ টা হত্যাকাণ্ড । যোৱা ৭ মাহত সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হৈছে নগাঁও আৰু কামৰূপ মহানগৰত। এই দুয়োখন জিলাতে সংঘটিত হৈছে ৩৬টাকৈ হত্যাকাণ্ডৰ ঘটনা। একেদৰে জানুৱাৰীৰ পাৰ ৩১ জুলাইলৈকে চৰাইদেউ জিলাত ১৯ টা, বৰপেটা জিলাত ১৬ টা, বিশ্বনাথত ১৫ টা, কাছাৰত ১৭ টা, দৰঙত ১৪ টা, ধেমাজিত ১৬ টা, গোলাঘাটত ২০ টা, যোৰহাটত ১৪ টা, কামৰূপত ৩০ টা, লখিমপুৰত ১৮ টা আৰু শোণিতপুৰত ৩০ টা হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য দিছে গৃহ বিভাগে।

ইফালে বিগত জানুৱাৰীৰ পৰা ৭ মাহত ৰাজ্যত সংঘটিত হৈছে মুঠ ৪,৬৯২টা চুৰি আৰু ৩২টা ডকাইতিৰ ঘটনা। অপৰাধীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে সৰ্বাধিক চুৰিৰ ঘটনা। গৃহ বিভাগৰ তথ্য অনুসৰি যোৱা ৭ মাহত গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হোৱা চুৰিৰ ঘটনা এনেধৰণৰ- পল্টন বজাৰ থানাত ১০৫ টা, দিছপুৰ থানাত ২২৪ টা, বশিষ্ঠ থানাত ১৪২ টা, জালুকবাৰী থানাত ১০০ টা, পাণবজাৰ থানাত ৬৪ টা, হাতীগাঁও থানাত ৬৬ টা।

আনহাতে চুৰিৰ ঘটনাত দ্বিতীয় স্থানতে আছে কাছাৰ জিলা। কাছাৰৰ বৰখলা থানাত ১৩৩ টা চুৰিৰ গোচৰ পঞ্জীয়ন হৈছে। একেদৰে হত্যাৰ ঘটনাৰ শীৰ্ষত থকা নগাঁৱত ১৩৪ টা আৰু বৰপেটাত ১০২ টা চুৰিৰ গোচৰ ৰুজু হৈছে।

অৱশ্যে এটা কথা উল্লেখ কৰিবই লাগিব যে বিধানসভাত দিয়া তথ্যত যোৱা ৭ মাহত এটাও গোচৰ ৰুজু নোহোৱা বহু থানা থকাৰ তথ্যও উল্লেখ আছে।

শেহতীয়াকৈ ৰাজ্যত আলফা স্বাধীনে ১৫ আগষ্টৰ দিনা ২৫ টাকৈ বোমা সংস্থাপন কৰি শক্তি প্ৰদৰ্শন কৰাৰ পিছত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিক লৈ গৃহবিভাগৰ প্ৰতি ব্যৰ্থতাৰ অভিযোগ উত্থাপিত হৈছে। বিধানসভাত গৃহবিভাগে দাখিল কৰা যোৱা ৭ মাহত ৰিজ্যত ৫৩৩ টা হত্যাকাণ্ডৰ ঘটনাৰ উদ্বেগজনক তথ্যয়ো প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে