শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবৰ্ষত মুখ্যমন্ত্ৰী, ভাষা হৈ পৰিছে ব্রহ্মপুত্র-বৰাক উপত্যকাৰ সমন্বয়ৰ সাঁকো

বৰাক উপত্যকা ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবৰ্ষ উদযাপনত অংশ লৈ নতুন মন্দিৰ উদ্বোধন কৰে৷ লগতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী৷ শিলচৰৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ত ২৪ কোটি টকা ব্যয়ৰ ক্ৰিটিকেল কেয়াৰ ব্লকৰ শিলান্যাস, শিলচৰৰ নতুন আৱর্ত ভৱনৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই অসমৰ বঙালী আৰু অসম ভাষীৰ মাজত উত্তেজনা আছিল যদিও আজি পাৰস্পৰিক সন্মানৰ পথ মুকলি হৈছে বুলি দাবী কৰে। তেওঁ কয় যে অসমত এটা সময় আছিল যেতিয়া বিভিন্ন কাৰণত বাংলা ভাষী আৰু অসমীয়া ভাষীৰ মাজত সংঘাত হৈছিল। অৱশ্যে, শেহতীয়া বছৰবোৰত প্ৰতিযোগিতাৰ পৰিৱৰ্তে, পাৰস্পৰিক সন্মানৰ বৃদ্ধি হৈছে বুলি দাবী কৰে৷ যাৰ ফলত এনে এক পৰিৱেশ সৃষ্টি হৈছে য’ত বাঙালী আৰু অসম ভাষী উভয়ে তেওঁলোকৰ সুবিধা আৰু পছন্দ অনুসৰি নিজ নিজ ভাষা ব্যৱহাৰ কৰিছে। ভাষাৰ দ্বাৰা ব্রহ্মপুত্র আৰু বৰাক উপত্যকাবাসীৰ মাজত সমন্বয়ৰ এক সাঁকো নির্মাণ হৈছে। ২০১৪ চনৰ পাছত মিটাৰগজৰ ঠাইত ব্রডগজ ৰে’ললাইন স্থাপনৰ পৰা শেহতীয়া বাংলা আৰু অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে পৰিচয় দি দুয়োটি ভাষাৰে স্বকীয়তা আৰু স্বতন্ত্রতাক সন্মান প্রদানেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই সমন্বয়ৰ সাঁকোক অধিক কটকটীয়া কৰে। নলবাৰীস্থিত গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাছত কামৰূপত ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ লগতে ইংৰাজী ভাষাকো মাধ্যম হিচাপে প্রৱর্তন কৰাত তাৰ সুফল হিচাপে ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হৈছে। প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি একেটা আর্হিকে আধাৰ কৰি বৰাক উপত্যকাৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা আবেদন মর্মে বৰাকৰ শিক্ষানুষ্ঠানত বাংলা ভাষাৰ লগতে ইংৰাজী ভাষাকো মাধ্যম হিচাপে ব্যৱহাৰৰ কথা আমি ভাবিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ বাঙালী আৰু অসমীয়া দুয়োকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সিদ্ধান্তই ৰাজ্যখনত ভাষাক লৈ হৈ অহা উত্তেজনা হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ পিছত ভাষাসমূহৰ উৎপত্তি সন্দৰ্ভত বৌদ্ধিক চক্ৰৰ মাজত আলোচনাই এক নতুন ৰূপ লৈছে। বাঙালী আৰু অসমবাসীৰ মাজত সংঘাত হ্ৰাস পাইছে। শৰ্মাই আৰু কয় যে সেই দিনবোৰ গ’ল যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ লোকসকলৰ মাজত অসন্তুষ্টি আছিল। আমাৰ চৰকাৰে দুয়োটা অঞ্চলতে সমান বিকাশ নিশ্চিত কৰিছে আৰু অসমীয়া আৰু বাংলা দুয়োটাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ দিয়াত দুয়োটা সম্প্ৰদায়ে সমান সন্মান লাভ কৰিছে। শিলচৰত দেশভক্ত তৰুণ ৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিকী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ আধুনিকীকৰণ, কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ আৰু ঔদ্যোগিক দক্ষতাৰ নতুন পাঠ্যক্ৰম ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দেশভক্ত তৰুণৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক চিৰনমস্য ব্যক্তিসত্তা। আধুনিক অসম নির্মাণৰ বাটত তেখেতৰ ভূমিকা আছিল অপৰিসীম। সাহিত্যৰ পৰা সামাজিক-ৰাজনৈতিক ক্ষেত্রলৈ সমৃদ্ধ জীৱনৰাজিৰে দেশমাতৃৰ সেৱাত সমর্পিত ফুকনৰ কর্ম-আদর্শ পৰৱর্তী প্রজন্মৰ বাবে প্রেৰণাস্বৰূপ।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ