শিলচৰ-চিপাঝাৰত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ চুক্তি

এডভাণ্টেজ অসাম ২.০ত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰ আৰু দৰং জিলাৰ চিপাঝাৰত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দুখন চুক্তি স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইনফ’টেক্ প্ৰাইভেট লিমিটেড আৰু গৱেষণা এডুভাৰ্ছিটী ফাউণ্ডেচনৰ সৈতে চুক্তি স্বাক্ষৰ কৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লয়৷ শিলচৰত হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইউনিভাৰ্ছিটি স্থাপনৰ বাবে অসম চৰকাৰে হিউমেন পটেন্সিয়েল ডেভেলপমেণ্ট চাইন্স ইনফ’টেক্‌ প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই পদক্ষেপৰ ফলত ৫০০ৰ পৰা এহেজাৰৰ নয়োগৰ সৃষ্টিৰ আশা প্ৰকাশ কৰিছে চৰকাৰে৷ আনহাতে অসম চৰকাৰ আৰু গৱেষণা এডুভাৰ্ছিটী ফাউণ্ডেচনৰ মাজত দৰঙৰ ছিপাঝাৰত এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্যে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই শিক্ষানুষ্ঠানখনে প্ৰায় ২,৫০০ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ লগতে অসমত শৈক্ষিক উৎকৰ্ষতা, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন হ’ব বুলি আশা ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী পেগুৱে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অসমৰ উচ্চ শিক্ষাৰ পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত আৰু উচ্চ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক নতুন সংযোজনে নতুন অধ্যায়ৰ সূচনা কৰিব৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে