শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত হাতত প্লেকাৰ্ড, বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰীসকলে স্পষ্টকৈ কয় —
👉 “পুনৰ সংস্থাপন এটা অধিকাৰ, অনুগ্ৰহ নহয়।”
👉 “৫ লাখ টকাৰ ক্ষতিপূৰণ মহানগৰীত মাটি ক্ৰয় আৰু ঘৰ নিৰ্মাণৰ বাবে যথেষ্ট নহয়।”

১,২০৩ উচ্ছেদিত পৰিয়ালৰ ভিতৰত মাত্ৰ ৫৫০ৰো কম পৰিয়ালে কিছু ক্ষতিপূৰণ পায়। বাকিসকল এতিয়াও আশ্বাসত জীৱন কটাই আছে। এক উচ্ছেদিত মহিলাই কয়,
“২০২৪ চনৰ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে দেখা হৈছিল। তেওঁ কৈছিল, বাসস্থান দিয়া হ’ব। কিন্তু এতিয়ালৈকে একো নহ’ল। আমি এতিয়াও চৰম দুখত আছো।”

চোকুৱে চকু মিলাই কান্দি উঠা ৰাইজে কয় —
“যদি মুখ্যমন্ত্ৰীয়ে ভাবে ৫ লাখ টকাত ঘৰ বনাব পাৰি, তেন্তে তেওঁ প্ৰয়োগ কৰি দেখুৱাওক। মই টকা ঘূৰাই দিম।”

শিলসাঁকোৰ উচ্ছেদিতসকলে ধুবুৰী, শদিয়া আদি অঞ্চলত উচ্ছেদিতসকলক জমি-ঘৰ দিয়াৰ উদাহৰণ আগবঢ়াই কয় —
“আন ঠাইত উচ্ছেদ কৰিলে ঘৰ দিয়ে, আমাক কিয় নহয়? আমি অসমীয়াই নহয়নে?”
তেওঁলোকে চৰকাৰৰ ওপৰত ভোট-বেংকৰ ৰাজনীতি, বিকল পুনৰ সংস্থাপন নীতি আৰু দুতলীয়া মানদণ্ডৰ অভিযোগ তোলে।

স্মৰণযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে কয়ছিল,
“অবৈধ দখলদাৰী মানেই বাংলাদেশী।”
প্ৰতিবাদকাৰীয়ে সোধে —
“তেন্তে কিয় সেই তথাকথিত বাংলাদেশী দখলদাৰীক পুনৰ সংস্থাপন পেকেজ দিয়া হৈছে, আৰু আমাক নহয়?”

এই প্ৰতিবাদ কেবল উপেক্ষিত উচ্ছেদিতসকলৰ হেঁপাহ নহয়, বৰং অসম চৰকাৰৰ ভূমি নীতি আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক জ্বলন্ত প্ৰশ্ন হিচাপে পৰিগণিত হৈছে।

  • Related Posts

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    বান সাহায্য দি বিপদত পুৰণি বিজেপি কৰ্মী — চক্ৰ বিষয়াৰ জাননী লৈ বিতৰ্ক

    অসমত বানপীড়িত লোকৰ সহায়ত হাত আগবঢ়োৱা এজন পুৰণি বিজেপি কৰ্মীক প্ৰশাসনে জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীয়ে এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জীৱন চুতীয়া নামৰ এজন সমাজকৰ্মী তথা ২০০৮ৰ পৰা বিজেপি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে