শিশু আৰু মহিলাক যৌন নিৰ্যাতনৰ অপৰাধত আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় চিকিৎসক

ডিজিটেল ডেস্কঃ আমেৰিকাত শিশু আৰু মহিলাৰ্ ওপৰত একাধিক যৌন নিৰ্যাতনৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় চিকিৎসকক। ভাৰতৰ পৰা গৈ আমেৰিকাৰ হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা আভ্যন্তৰীণ চিকিৎসাৰ বিশেষজ্ঞ ডাঃ ওইমাইৰ এজাজে (৪০) বিগত প্ৰায় ৬ বছৰৰ পৰা গোপন কেমেৰাৰ জৰিয়তে শিশু আৰু মহিলাৰ হাজাৰ হাজাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি আহিছিল বুলি সদৰী কৰিছে আমেৰিকান আৰক্ষীয়ে।

আনহাতে এই চিকিৎসকজনৰ বিৰুদ্ধে একাধিক যৌন অপৰাধৰ ১০ টা গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰোপৰি আৰক্ষীয়ে তদন্তৰ সময়ত এটা হাৰ্ড ড্ৰাইভৰ পৰা ১৩ হাজাৰৰো অধিক আপত্তিজনক ভিডিঅ’ আৰু ১৫টা এক্সট্ৰানেল ডিভাইচ জব্দ কৰিছে।

উল্লেখ্য যে, ২০১১ চনত ৱৰ্ক ভিছা লৈ আমেৰিকালৈ গৈছিল ওইমাইৰ এজাজে। তাত তেওঁ মিচিগানৰ চিনাই গ্ৰেচ হাস্পতালত ৰেচিডেন্সী সম্পূৰ্ণ কৰাৰ পিছত ক্লিণ্টন টাউনশ্বিপৰ হেনৰী ফৰ্ড মেকমব হাস্পতাল আৰু মিচিগানৰ গ্ৰেণ্ড ব্লাংকৰ এচেনচন জেনেছিছ হাস্পতালকে ধৰি কেইবাখনো হাস্পতালত আভ্যন্তৰীণ বিশেষজ্ঞ চিকিৎসক হিচাপে কাম কৰে।

ইফালে শেহতীয়াকৈ এই ভাৰতীয় চিকিৎসকজনৰ পত্নীয়ে স্বামীৰ কৰ্মকাণ্ডৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰে। তেওঁ অভিযোগ কৰে যে এজাজে বাথৰুম, চেঞ্জিং এৰিয়া, চিকিৎলায়ৰ কোঠা, আনকি নিজৰ ঘৰতো গোপন কেমেৰা স্থাপন কৰি শিশু আৰু মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড কৰি আহিছিল। পত্নীৰ অভিযোগৰ পিছতে যোৱা ৮ আগষ্টত গ্ৰেপ্তাৰ কৰা হয় ওইমাইৰ এজাজক।

ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি এই কেমেৰাসমূহে দুবছৰীয়া শিশু আৰু হয় অচেতন বা শুই থকা মহিলাৰ বিৰক্তিকৰ ফুটেজ বন্দী কৰা বুলি জানিব পৰা গৈছে, এই সকলোবোৰেই বিভিন্ন ধৰণৰ কাপোৰ খুলিছিল।

কৰ্তৃপক্ষই এইটোও বিশ্বাস কৰে যে এজাজে হয়তো কিছুমান অবৈধ ভিডিঅ’ ক্লাউড ষ্ট’ৰেজত আপলোড কৰিছিল।

আইন প্ৰয়োগকাৰী সংস্থাক সতৰ্ক কৰি দিলে AEJAZ ৰ পত্নীয়ে
এই গোচৰটো পোহৰলৈ আহে যেতিয়া আইজাজৰ পত্নীয়ে আইন প্ৰয়োগকাৰী সংস্থাক উদ্বেগজনক সামগ্ৰী প্ৰদান কৰিছিল, যাৰ ফলত অকলেণ্ড কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে মিচিগানৰ তেওঁৰ ৰচেষ্টাৰ হিলছৰ ঘৰত কেইবাটাও চাৰ্চ ৱাৰেণ্ট কাৰ্যকৰী কৰিবলৈ বাধ্য হৈছিল।

অকলেণ্ড কাউন্টিৰ শ্বেৰিফ মাইক বাউচাৰ্ডে কয় যে এজাজৰ অপৰাধৰ পৰিসৰ ইমানেই বিশাল যে তেওঁৰ অপৰাধৰ পৰিসৰ সম্পূৰ্ণৰূপে তদন্ত কৰিবলৈ কেইবামাহো লাগিব পাৰে।

  • Brahmaputra Times

    Related Posts

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ গৌতম আদানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ ঘোটালা সংঘটিত কৰা আৰু ৰাজহুৱা সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ দলে৷ ৬২ বছৰীয়া গৌতম আদানিৰ বন্দৰ,…

    ড’নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ…

    বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ