শিৱসাগৰত ৰাইজৰ দল-বিজেপি কৰ্মীৰ মাজত মাৰপিট

পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাৰ দিনটোতে শিৱসাগৰত বিজেপি-ৰাইজৰ দলৰ মাজত মাৰপিট লগা দেখা গৈছে। মহিলা কৰ্মীৰ ওপৰত যৌন হাৰাশাস্তিৰ অভিযোগ উঠিছে।

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দিনটোতে শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয় চৌহদত বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মী-সমৰ্থকৰ মাজত ভয়াবহ খণ্ডযুদ্ধ আৰু মাৰপিটৰ ঘটনাই উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে। ঘটনাটোৰ সৈতে জড়িত হৈ থকা অভিযোগত এগৰাকী মহিলা কৰ্মীক যৌন হাৰাশাস্তি কৰা, কাপোৰ ছিঙি দিয়া আদি গুৰুতৰ অভিযোগো উঠিছে।

অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণৰ এক অনুষ্ঠানৰ সময়ত উত্তেজনাৰ সূচনা হয়। নিৰ্ধাৰিত সময়ৰ আগতেই চেক বিতৰণ আৰম্ভ কৰাত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা দিয়ে। ইয়াৰ পিছত বিজেপি আৰু ৰাইজৰ দলৰ মাজত তৰ্কা-তৰ্কিৰ পৰা মাৰপিটলৈ ৰূপান্তৰিত হয়। বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়ক অম্লানজ্যোতি গগৈসহ কেইবাজনো আহত হয়।

ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ সাংগঠনিক সম্পাদিকাই গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কয় যে বিজেপি কৰ্মী সূৰ্য কায়ুংগই  মহিলাৰ গোপন অংগত হাত দিয়াৰ লগতে কাপোৰ ছিঙিবলৈ চেষ্টা কৰে।

 

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…