গুৱাহাটীঃ অতি শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিলুপ্ত কৰা হ’ব ডিভিজনৰ ব্যৱস্থা। এই ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰী ফেৰ মাৰিব পৰাকৈ স্কুল শিক্ষা বিভাগে শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰাৰ পৰিকল্পনা কৰিছে। এই পৰিৱৰ্তনৰ অংশ হিচাপে চি বি এছ ই আধাৰত প্ৰশ্নকাকত প্ৰস্তুতৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে আৰম্ভ কৰিছে যাৱতীয় ব্যৱস্থা। প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ছেবাৰ অধীনৰ শিক্ষকক।
ইফালে শিক্ষা ক্ষেত্ৰৰ এই পৰিৱৰ্তনত এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব শিক্ষা বিভাগে। কাৰ্ড কপিৰ সলনি ফলাফল লাভ কৰাৰ পিছত ডিজি লকাৰত প্ৰমাণপত্ৰ উপলব্ধ হ’ব। শিক্ষা বিভাগে লবলগীয়া এই ব্যৱস্থা দুই-এদিনৰ ভিতৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজহুৱা কৰিব।
ইয়াৰোপৰি শিক্ষা বিভাগৰ সূত্ৰ অনুসৰি এইবাৰৰ মেট্ৰিক পৰীক্ষাত এন ই পিৰ আধাৰত প্ৰশ্নকাকত যুগুত কৰিব ছেবাই। য’ত থাকিব ইতিমধ্যে হৈ যোৱা পৰীক্ষা সমূহৰ প্ৰশ্নও। উল্লেখযোগ্য অহা বর্ষৰ পৰা কেতবোৰ নতুনত্ব লৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।