শোকাবহ! নেপালৰ নৈত বাগৰি পৰিল ভাৰতৰ যাত্ৰীবাহী বাছ, ১৭ জনৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নেপালত দুৰ্ঘটনাত পতিত হয় ভাৰতৰ এখন যাত্ৰীবাহী বাছ। চুবুৰীয়া দেশখনৰ তানাহুন জিলাৰ মৰছাংগী নদীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৪০ জন যাত্ৰী কঢ়িয়াই নিয়া ভাৰতীয় বাছখন।

তানাহুন জিলা আৰক্ষীৰ ডি এছ পি দীপকুমাৰ ৰায়ে কয় এই তথ্য সদৰী কৰি কয় যে দুৰ্ঘটনাগ্ৰস্ত বাছখন উত্তৰ প্ৰদেশৰ নম্বৰ প্লেটৰ আছিল। জানিব পৰা দুৰ্ঘটনাৰ সময়ত বাছখন কাঠমাণ্ডুৰ পৰা পোখাৰালৈ গৈ আছিল।

এই পৰ্যন্ত মুঠ ১৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাৰ ভয়াৱহতা দেখি কেইবাজনো যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে এই ঘটনাৰ কেইবাটাও ভিডিঅ’ সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ এজন চৰকাৰী বিষয়াই কয় যে এই প্ৰসংগত সেই বাছখনৰ পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰা হৈছে। বাছখনৰ মালিক আৰু সেই বাছখনত কোনে যাত্ৰা কৰিছিল তাৰ তদন্ত কৰা হ’ব। বিগত কিছুদিন ধৰি নেপালত ধাৰাসাৰ বৰষুণ দি আছে। ইয়াৰ ফলত বিভিন্ন অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰো সৃষ্টি হৈছে। এই বাৰিষাত এতিয়ালৈকে নেপালত ৬২ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৯০জন লোক। অনুমান কৰা হৈছে যে পিছল পথটোৰে পাৰ হৈ যাওঁতে বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈ নদীত বাগৰি পৰে।

জুলাই মাহত নেপালতো একেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। যাত্ৰীবাহী দুখন বাছ পথৰ পৰা বাগৰি পৰে উত্তাল ত্ৰিশুলি নদীত। এই ঘটনাত নিৰুদ্দেশ হৈছিল ৬৩ জন যাত্ৰী। এই তালিকাত সাতজন ভাৰতীয়ও আছিল।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…