দেশৰ বাবে গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে ভাৰতীয় শ্বুটাৰ মনু ভাকাৰে৷ পেৰিছত অনুষ্ঠিত অলিম্পিকত প্ৰথম পদক লাভ কৰে মনু ভাকাৰে৷ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত প্ৰথম পদক লাভ কৰে৷
ভাৰতীয় শ্বুটাৰ মনু ভাকাৰে দেওবাৰে পেৰিছ অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে। মনু ভাকাৰে ২২১.৭ পইণ্ট লাভ কৰে। অ’ য়ে জিনে ২৪৩.২ পইণ্টৰ সৈতে শীৰ্ষস্থান দখল কৰিছিল আৰু কিম য়েজি ২৪১.৩ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছিল। দক্ষিণ কোৰিয়াৰ খেলুৱৈসকলে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।