

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনিটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাত কৈৱৰ্ত সমাজ তথা অনুসূচিত জাতিৰ সংগঠনসমূহে উত্থাপন কৰি অহা দাবী পূৰণ হৈছে৷ কৈৱৰ্ত সমাজক প্ৰতিনিধিত্ব কৰা তথা অনুসূচিত জাতিক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে৷ এই দাবী উত্থাপন কৰি অহা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সঞ্জীৱ দাসে কয় যে কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী মহীয়সী নাৰী, কৈৱৰ্ত নন্দিনী সতী ৰাধিকাৰ উৎসৱ পালনৰ (বুদ্ধ পূৰ্ণিমা) দিনটোত চৰকাৰী বন্ধ পালন কৰিবলৈ আজিৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি জনাইছো৷ কৈৱৰ্ত সমাজখনে তথা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে এই দাবী এটা দশক ধৰি উত্থাপন কৰি আহিছো৷ চৰকাৰে সীমিত চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বিবেচনা কৰাত চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰিছো৷ মুখ্যমন্ত্রী ডাঙৰীয়াৰ লগতে কেবিনেটৰ মন্ত্রীসকলক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো৷ চৰকাৰীভাৱে ৰাধিকা স্মৃতি দিৱস পালনৰো আহ্বান জনাইছো৷