বিপৰ্যয়ে লগ এৰা নাই বদৰুদ্দিন আজমলক৷ ধুবুৰী লোকসভা সমষ্টিত ১০ লক্ষ ভোটৰ ব্যৱধানত পৰাজিত হৈ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে দলৰ সকলো সমিতি ভংগ কৰিছিল৷ তাৰ পাছতে আজি হাতীগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাত দলৰ সভাপতি পদ ত্যাগ কৰে আজমলে৷ লোকসভা নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰে আজমলে৷
আজমলে জানি-বুজি সভাপতি পদ ত্যাগ কৰা বুলি চৰ্চা হৈছে৷ কিয়নো আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক সদলৰ সভাপতি পদ দিয়াৰ চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে৷
লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছিল আজমলে। তিনিবাৰৰ সাংসদ আজমলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত পৰাজিত হয়।