সমগ্ৰ ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

আমেৰিকাৰ পৰা ভাৰতীয় মানুহক নিৰ্মমভাৱে হাতত শিকলি বান্ধি যুক্তৰাষ্ট্ৰৰ সেনাৰ কাৰ্গো বিমানত বিতাড়ন কৰা জঘন্য ঘটনাৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্বগুৰু বুলি নিজকে ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ডনাল্ড ট্ৰাম্প তেওঁৰ বন্ধু বুলি জাহিৰ কৰি আহিছে যদিও সেই ডনাল্ড ট্ৰাম্পে পুনৰ শাসনভাৰ লৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকসকলক নিৰ্দয়ভাৱে খেতি পঠোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ সমগ্ৰ দেশত আজি এনে কাৰ্যৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ সেই প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ৰাজীৱ ভৱনত দিনৰ ১১.৩০ বজাৰ পৰা বিজেপিৰ বৈদেশিক নীতি হায়ঃ হায়ঃ, ডলাল্ড ট্ৰাম্প-মোদী ভাই ভাই, ভাৰতীয়ৰ আজি কিয় মান নাই আদি শ্ল’গান দিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সংস্থাপন বিচাৰি যোৱা ভাৰতীয়ক অমানৱীয়ভাৱে বিতাড়িত কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লখিমপুৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়৷ কংগ্ৰেছৰ নেতা-কৰ্মী ৰাজপথলৈ ওলাই আহি নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বিদেশী বহিস্কাৰ কৰিব নোৱাৰাত মোদীক ধিক্কাৰ দিয়ে৷ আজি ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদৰ সময়তে গুৱাহাটী আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ নেতাক আটক কৰে৷ বিধায়ক কথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ, নন্দিতা দাস, উমেশ ডেকা, দেৱী ডেকা কৰ্মকাৰ, বাহাৰুল ইছলাম, খলিলুৰ ৰহমান, আখতাৰ হুছেইন, নাজিৰুদ্দিন আহমেদ, ৰাজু আহমেদ, জাহানুদ্দিন, জাকিৰ হুছেইন, আৰিফুল আলম হাজৰিকাক আটক কৰে গুৱাহাটী আৰক্ষীয়ে৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ, ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন সাংসদ, আৰ.পি শৰ্মা, বিধায়িকা নন্দিতা দাস, বিধায়ক ৰেকবুদ্দিন আহমেদ, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা আদিয়ে ৰাজীৱ ভৱনৰ কাৰ্যসূচীত অংশ লয়৷ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত কেইবা শতাধিক কৰ্মী-সমৰ্থকে প্ৰতিবাদ জনায়৷ প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে বিদেশ নীতিত বিফল মোদী চৰকাৰৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ প্ৰতিবাদী সভাৰ আঁতধৰে সাংগঠনিক সম্পাদক বিপুল কুমাৰ গগৈয়ে৷ গুৱাহাটীৰ লগতে ৰাজ্যজুৰি সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত বহু জ্যেষ্ঠ নেতা-নেত্ৰীৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ কৰা হয়৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে