
জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আজি ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক সংগঠন আৰু অন্যান্য দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিনাচৰ্তে সাংবাদিক দিলোৱাৰক মুক্তি দিয়াৰ লগতে গুৱাহাটীত কেইবা শতাধিক সাংবাদিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংবাদিক দিলোৱাৰৰ গ্ৰেপ্তাৰ বেআইনী বুলি অভিযোগ উত্থাপন কৰে দল-সংগঠনে৷ অসমতে নহয় বহিঃৰাজ্যতো প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ বহিঃৰাজ্যত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ পৰিয়ালৰ লোকৰ চিকিৎসাৰ বাবে চেন্নাইত থকা নিউজ নেক্সত ওৱানৰ অনলাইন দৈনিক ই-সংবাদৰ কাৰ্যবাহী সম্পাদক ধ্ৰৱজ্যোতি ধনন্তৰিয়ে চেন্নাইত হাতত পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ পৰিয়ালৰ লোকৰ চিকিৎসা বাবে চেন্নাইত বাহৰ পাত থকা নিউজ নেক্সত ওৱানৰ অনলাইন দৈনিক ই-সংবাদৰ কাৰ্যবাহী সম্পাদক ধ্ৰৱজ্যোতি ধনন্তৰিয়ে চেন্নাইৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ নিউজ নেক্সত ওৱানৰ অনলাইন দৈনিক ই-সংবাদৰ কাৰ্যবাহী সম্পাদক ধ্ৰৱজ্যোতি ধনন্তৰি সামাজিক মাধ্যম যোগে কয় যে বিগত কিছুদিন ধৰি চেন্নাইত আছো। ব্যক্তিগত দুখৰ খবৰৰ মাজতে অসমত দুৰ্নীতিৰ বাতৰি কৰা সাংবাদিকৰ মুখবন্ধ কৰিবলৈ চলোৱা অপচেষ্টাৰ খবৰে ক্ষুব্ধ কৰি তুলিছে। এনে কাৰ্যত মৌন হৈ থাকিব পৰাতো সাংবাদিক হিচাপে মোৰ পক্ষে সম্ভৱ নহয়। সেয়ে চেন্নাইৰ ৰাজপথত থিয় হৈ সাংবাদিকৰ প্ৰশ্ন সোধাৰ অধিকাৰ কাঢ়ি ল’বলৈ শাসকপক্ষই কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলো।