
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই থাকিব লাগিব। ভুল সংবাদ পৰিৱেশন হ’লে তাৰ বিচাৰৰ দায়িত্ব আইনগতভাৱে হ’ব লাগে। ভয়-ভাবুকিৰে চতুৰ্থ স্তম্ভৰ মুখ বন্ধ কৰাতো ল’ৰাৰজাৰ শাসনৰ নামান্তৰ মাত্ৰ। আজি এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এইদৰে কয়। বৰাই কয়, সাংবাদিকজনক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে আদালতৰ জৰিয়তে তেওঁ কাম কৰা প্ৰতিষ্ঠানটোৰ সম্পাদকক জবাবদিহি কৰাতো নিয়ম। তাকে নকৰি জামিনবিহীন গ্ৰেপ্তাৰ কৰা কাৰ্য গৰিহণাযোগ্য। সাংবাদিকজনক বিনাচৰ্তে মুক্তি দিবৰ বাবে বৰাই দাবী জনায়। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰক সাঙুৰি বাতৰি প্ৰকাশ কৰাত গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত বিশ্বনাথৰ পৰা সাংবাদিকতা কৰা সাংবাদিকক গ্ৰেপ্তাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে ‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আব্দুল মাজানক গ্ৰেপ্তাৰ কৰিছে৷ ২০ জানুৱাৰীৰ নিশাৰে পৰা আৰক্ষীয়ে সাংবাদিকজনক আৰক্ষী থানাত বহুৱাই ৰাখে৷ প্ৰায় ২০ ঘণ্টা সময় বহুৱাই ৰাখে৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশতে আৰক্ষীয়ে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ হিট এণ্ড ৰাণৰ বাতৰিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰৰ নাম লোৱা বাবেই নিশা চতিয়া আৰক্ষীয়ে দাগী অপৰাধীৰ দৰে আবুল মাজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে৷ বিশ্বনাথ আৰক্ষী থানাত ৬/২৫ নম্বৰত ন্যায় সংহিতাৰ ১৯২/১০৯(১)/৩৫৩(২) ধাৰাত গোচৰ ৰুজু কৰা হয়৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰিবলৈ তৎপৰ হৈছিল যদিও পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত প্ৰায় ২২ ঘণ্টাৰ অন্তত সাংবাদিক আবুল মাজনক মুকলি কৰি দিয়ে৷ এই ঘটনাক ধিক্কাৰ দিছে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে। আজি বিশ্বনাথত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সাংবাদিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শতাধিক সাংবাদিকে ধৰ্ণা প্ৰদান কৰি সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক নিন্দা কৰে৷ বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উদ্যোগত ক্লক টাৱাৰৰ সমীপত বিভিন্ন জাতীয় দল-সংগঠন আৰু সাংবাদিকে ধৰ্মঘট কাৰ্যসূচী পালন কৰি বিনাচৰ্তে আবুল মাজানক মুকলি কৰি দিবলৈ দাবী জনাইছিল। যোৱা ১৯ জানুৱাৰীত চতিয়াৰ নাগশংকৰত এক শিহৰণকাৰী হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছিল৷ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা থকা বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা গাড়ীৰ খুন্দাত এজন নিৰীহৰ মৃত্যু হৈছিল। চতিয়া চেঙামাৰীৰ দুৰ্ভগীয়া নৃপেন দৈমাৰী নামৰ লোকজনে নিহত হয়৷ নাগশংকৰৰ ওচৰত বগা ৰঙৰ এএছ-০১-ইবি-১৯১৯ নম্বৰৰ গাড়ীখনে প্ৰচণ্ড গতিত খুন্দা মাৰে আৰু লোকজনৰ থিতাতে মৃত্যু হয়। বগা ৰঙৰ স্কৰ্পিঅ’ গাড়ীখন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নী স্মৃতিৰেখা হাজৰিকাৰ নামত পঞ্জীয়ন হৈ আছে। অভিযোগ উত্থাপন হৈছিল যে বাইকখনে নাগশংকৰৰ ওচৰত ঘূৰিবলৈ গতিবেগ হ্ৰাস কৰাৰ সময়তে স্কৰপিঅ’খনে খুন্দা মাৰিছিল। বগা ৰঙৰ স্কৰপিঅ’খনৰ চালকজনে টেলিফোনযোগে কাৰোবাক ঘটনাৰ সবিশেষ জনোৱাত এখন আৰক্ষীৰ গাড়ী আহি গাড়ী চালকজনক স্থানৰ পৰা ততাতৈয়াকৈ লৈ যায়। বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা গাড়ীখন সেই সময়ত কোনে চলাই লৈ আহিছিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছিল। নিহত নৃপেন দৈমাৰী ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কৰ্মকৰ্তা আছিল। নৃপেন দৈমাৰীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বিধায়কৰ পত্নীৰ গাড়ী চালকজনে আহত লোকজনক কিয় এৰি থৈ পলায়ন কৰিছিল তাক লৈ প্ৰশ্ন উত্থাপন হয়। ইপিনে গাড়ীখন বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰই চলাইছিল নেকি বুলি ব্যাপক চৰ্চা হৈছিল৷ সেই চৰ্চাক লৈয়ে ঈশান নিউজৰ বিশ্বনাথৰ সাংবাদিক আব্দুল মাজানে বাতৰি পৰিৱেশন কৰিছিল৷ বাতৰি প্ৰকাশৰ পিছতে বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত গোচৰ ৰুজু হোৱা বুলি জানিব পৰা যায়৷